অৰবিন্দ কেজৰিৱালে PA ৰ হতুৱাই দুৰ্ব্যৱহাৰ কৰিছিল সাংসদ স্বাতী মালিৱালক !

আপ সাংসদ সঞ্জয় সিঙে প্ৰকাশ কৰিলে দলীয় স্থিতি
অৰবিন্দ কেজৰিৱালে PA ৰ হতুৱাই দুৰ্ব্যৱহাৰ কৰিছিল সাংসদ স্বাতী মালিৱালক !
অৰবিন্দ কেজৰিৱালে PA ৰ হতুৱাই দুৰ্ব্যৱহাৰ কৰিছিল সাংসদ স্বাতী মালিৱালক !

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে নিগৃহীত হ'বলগীয়া হৈছে আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱাল। কেজৰিৱালৰ চৰকাৰী বাসগৃহত সোমবাৰে পুৱা উপস্থিত হৈছিলগৈ স্বাতী। তাৰ পাছত ড্ৰয়িং ৰুমত তেওঁ কেজৰিৱাললৈ অপেক্ষা কৰাৰ সময়তে বিভৱ কুমাৰ নামৰ এজন ব্যক্তিয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আম আদমি পাৰ্টিয়ে দিলে স্পষ্টিকৰণ

স্বাতী মালিৱালক মুখ্যমন্ত্ৰীৰ আৱাসত আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত আপৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে স্পষ্টিকৰণ প্ৰকাশ কৰা হৈছে। দলটোৰ সাংসদ সঞ্জয় সিঙে এই ঘটনাক নিন্দা কৰিছে।

এক প্ৰেছ বাৰ্তাত সঞ্জয় সিঙে এই ঘটনাক নিন্দা কৰি সমগ্ৰ বিষয়টো অৰবিন্দ কেজৰিৱালে নিজেই তদাৰক কৰা বুলি জানিবলৈ দিছে। ইয়াৰোপৰি স্বাতীক আপৰ এগৰাকী জ্যেষ্ঠ আৰু পুৰণি সদস্য আখ্যা দি তেওঁৰ সৈতে দল আছে বুলিও প্ৰকাশ কৰিছে।

কি হৈছিল সোমবাৰে পুৱা?

সঞ্জয় সিঙে প্ৰেছ বাৰ্তাত সমগ্ৰ ঘটনা উল্লেখ কৰিছে। তেওঁ কৈছে- সোমবাৰে পুৱা অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ স্বাতী মালিৱাল তেওঁৰ আৱাসত গৈ উপস্থিত হৈছিলগৈ। তেওঁ ড্ৰয়িং ৰুমত কেজৰিৱাল ডাঙৰীয়ালৈ অপেক্ষা কৰি আছিল। ইয়াৰ মাজতে বিভৱ কুমাৰো গৈ সেই স্থানত উপস্থিত হয় আৰু তেওঁৰ সৈতে অভদ্ৰামী আৰু দুৰ্ব্যৱহাৰ কৰে।

সঞ্জয় সিঙে পুনৰ কয়, এই সম্পূৰ্ণ ঘটনাৰ বিষয়টো দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই চাইছে। স্বাতী মালিৱালে দেশ আৰু সমাজৰ বাবে বহু কাম কৰিছে। তেওঁ জ্যেষ্ঠ আৰু পুৰণি নেতাসকলৰ ভিতৰত অন্যতম। আমি তেওঁৰ সৈতে আছোঁ।

কোন এই বিভৱ কুমাৰ?

ৰাজ্য সভাৰ সাংসদ স্বাতী মালিৱালক দুৰ্ব্যৱহাৰ আৰু আক্ৰমণ কৰা বিভৱ কুমাৰ অৰবিন্দ কেজৰিৱালৰ অতি ঘনিষ্ঠ হোৱাৰ লগতে তেওঁৰ পি এ। এইগৰাকী বিভৱ কুমাৰো দিল্লীৰ জল ব'ৰ্ডৰ ধনৰ লেনদেন গোচৰত ইডিৰ সন্মুখত হাজিৰ হ'বলগীয়া হৈছিল।

যোৱা ফেব্ৰুৱাৰীত ইডিয়ে দিল্লী মুঠ ১২ টা স্থানত অভিযান চলাইছিল। ইয়াৰ ভিতৰত আছিল বিভৱ কুমাৰৰো বাসগৃহ। যোৱা মাহত ইডিয়ে দিল্লীৰ সুৰা কেলেংকাৰী গোচৰত বিভৱ কুমাপক সোধপোছ কৰিছিল।

আৰক্ষী থানাত ৰুজু হোৱা নাই গোচৰ

উত্তৰ দিল্লী আৰক্ষীৰ ডিচিপি মুকেশ কুমাৰ মীনাই এই ঘটনা সন্দৰ্ভত সোমবাৰে বিয়লি কয়, স্বাতী মালিৱালে চিভিল লাইনছ আৰক্ষী থানাৰ কাষ চাপিছিল কিন্তু পিছত পৰৱৰ্তী সময়ত অভিযোগ দাখিল কৰিব বুলি কৈ গুছি যায়। পৰৱৰ্তী সময়ত তেওঁ গোচৰ দিবলৈ আহিব বুলি কৈছিল যদিও অহা নাই। ইফালে এই সমগ্ৰ ঘটনা সন্দৰ্ভত স্বাতী মালিৱালে কোনো মন্তব্যও এই পৰ্যন্ত দিয়া নাই।

আৰক্ষীক কি কৈছিল স্বাতী মালিৱালে?

আৰক্ষীয়ে জনোৱা অনুসৰি সোমবাৰে পুৱা ৯.৩৪ বজাত এগৰাকী মহিলাই পি চি আৰ কল কৰি মুখ্যমন্ত্ৰীৰ বাসগৃহত তেওঁক আক্ৰণ কৰা হৈছে বুলি জনাইছিল। এই ফোনৰ কিছু সময়ৰ পাছতে স্বাতী মালিৱাল আৰক্ষী থানাত গৈ উপস্থিত হৈছিলগৈ।

যিটো নম্বৰৰ পৰা আৰক্ষী থানালৈ ফোন আহিছিল সেই নম্বৰটো স্বাতী মালিৱালৰ। পিচিআৰ কল এণ্ট্ৰীত লিখা আছে- কল কৰা মহিলাগৰাকীয়ে কৈছিল, এতিয়া মই চিএমৰ ঘৰত আছোঁ, তেওঁ নিজৰ পিএ বিভৱ কুমাৰৰ দ্বাৰা মোক বেয়াকৈ প্ৰহাৰ কৰোৱাইছে।

স্বাতীয়ে আৰক্ষীক এইদৰে কৈছিল যদিও পৰৱৰ্তী সময়ত কিয় মৌনতা অৱলম্বন কৰিছে তাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে। আৰক্ষীক যদিও অৰবিন্দ কেজৰিৱালে পিএ বিভৱ কুমাৰক লগাই প্ৰহাৰ কৰা বুলি প্ৰথমে উল্লেখ কৰিছিল দৰাচলতে এই ঘটনাৰ সৈতে কেজৰিৱাল কোনো কাৰণতে জড়িত নহয় বুলি প্ৰকাশ পাইছে। কেজৰিৱালে নিজেই এই বিষয়টো তদাৰক কৰা সাময়িকভাৱে স্বাতী মালিৱাল মৌন হৈ আছে যদিও অতি সোনকালে যে তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া নিশ্চিত।

অৰবিন্দ কেজৰিৱালে PA ৰ হতুৱাই দুৰ্ব্যৱহাৰ কৰিছিল সাংসদ স্বাতী মালিৱালক !
সংস্থাপনহীনতা, মূল্যবৃদ্ধিক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰীক নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in