/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d525315e-18e6-48df-a283-c4f7a9b6e76f/AP_FOR_WEB__new_.jpg)
সংস্থাপনহীনতা, মূল্যবৃদ্ধিক আধাৰ হিচাপে লৈ প্ৰধানমন্ত্ৰীক নিৰ্বাচন খেলাৰ প্ৰত্যাহ্বান...
ডিজিটেল ডেস্কঃ অষ্টাদশ লোকসভা নিৰ্বাচনৰ চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণ অন্ত পৰিছে। বাকী আছে আৰু তিনিটা পৰ্যায়ৰ ভোট গ্ৰহণ। নিৰ্বাচনৰ এনে ভৰপক সময়ৰ মাজত আটাইবোৰ ৰাজনৈতিক দলেই তীব্ৰ প্ৰচাৰ অব্যাহত ৰাখিছে।
বিশেষকৈ কংগ্ৰেছ আৰু বিজেপিৰ সকলো পৰ্যায়ৰ নেতাৰ মাজতেই বিভিন্ন বিষয়ক লৈ অভিযোগ, প্ৰতিঅভিযোগ দেখিবলৈ পোৱা গৈছে। এইসকলো অতিক্ৰম কৰি সাম্প্ৰদায়িক কথা বতৰাও শুনিবলৈ পোৱা গৈছে স্বয়ং প্ৰধানমন্ত্ৰীৰ মুখতেই।
এনে এক পৰিস্থিতিৰ মাজতে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই মঙ্গলবাৰে কয়, মই প্ৰধানমন্ত্ৰীজীক প্ৰত্যাহ্বান জনাইছো তেওঁ এটা নিৰ্বাচন কেৱল সংস্থাপনহীনতা আৰু মূল্যবৃদ্ধিক আধাৰ হিচাপে লৈ অৱতীৰ্ণ হওক। তেওঁ উন্নয়নৰ বাবে কি কি কৰিলে তাক আধাৰ হিচাপে নিৰ্বাচনত নামক। জনতাক কওঁক তেওঁ কি কি কৰিলে আৰু কি কৰিব বিচাৰে।
ইয়াৰোপৰি প্ৰিয়ংকাই কয়, জনতাই পৰিৱৰ্তন চাইছে সেয়া পৰিলক্ষিত হৈছে। জনতাই বুজি পাইছে যে মূল্যবৃদ্ধি, সংস্থাপনহীনতা বৃদ্ধি পাইছে। ইয়াৰ কোনো প্ৰতিকাৰ তেওঁলোকে কৰা নাই। এইবোৰ হ্ৰাস কৰিবলৈ তেওঁলোকে একো কৰা নাই। সেইবাবে জনতাই নতুন চৰকাৰ বিচাৰিছে।
প্ৰিয়ংকা গান্ধীয়ে এই কেইদিন আমেঠি আৰু ৰায়বেৰলী লোকসভা সমষ্টিত প্ৰচাৰ চলাই আছে। প্ৰিয়ংকাই এই দুই সমষ্টিত চলাই থকা প্ৰচাৰৰ বাবে ৰাহুল গান্ধীয়ে সোমবাৰে তেওঁক মুকলিকৈয়ে ধন্যবাদ জনাইছে। ৰাহুলে কয়, মই যেতিয়া গোটেই দেশত নিৰ্বাচনী প্ৰচাৰ চলাই আছিলো সেই সময়ত মোৰ ভগ্নীয়ে ইয়াত মোৰ বাবে তেজ, ঘাম একাকাৰ কৰি আছে।
উল্লেখ্য যে, ছোনিয়া গান্ধীয়ে লোকসভা এৰি ৰাজ্যসভালৈ যোৱাত এইবাৰ প্ৰথমবাৰৰ বাবে ৰাইবেৰলীত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দিতা কৰিছে। আমেঠিত কংগ্ৰেছে স্মৃতি ইৰাণীৰ বিৰুদ্ধে কে এল শৰ্মাক প্ৰক্ষেপ কৰিছে। ৰায়বেৰলীত ৰাহুলৰ বিৰুদ্ধে বিজেপিয়ে দীনেশ প্ৰতাপ সিংক প্ৰক্ষেপ কৰিছে।
देश के युवाओं को भाजपा सरकार ने क्या दिया? भर्ती निकलने का अंतहीन इंतजार, भ्रष्टाचार, पेपरलीक, बेरोजगारी और निराशा। पिछले दस साल में पूरी एक पीढ़ी की जवानी बीत गई, युवा नौकरियों का इंतजार करते रहे और सरकार उन्हें गुमराह करने में व्यस्त रही।
देश के युवा अब यह परिस्थिति बदलने जा… pic.twitter.com/yL27h43mit— Priyanka Gandhi Vadra (@priyankagandhi) May 13, 2024
Also Read: বিমানতো অসুৰক্ষিত যাত্ৰীঃ ২০০ বিমান ভ্ৰমণ কৰি যাত্ৰীক লুটিলে চোৰে...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us