বিজেপিক সমৰ্থন কৰিলে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জেলত থাকিব নালাগিলহেতেনঃ কেজৰিৱাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেওবাৰে কয় যে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে বিজেপিক সমৰ্থন কৰিলে আজি জেলত থাকিব নালাগিলহেতেন। কেজৰিৱালে চোৰেনৰ পত্নী কল্পনা চোৰেনৰ লগত টেলিফোনযোগে বাৰ্তালাপ কৰে আৰু কল্পনা চোৰেনে তেওঁক ধন্যবাদ জনায়।

কল্পনা চোৰেনে এক্সৰ জৰিয়তে কয় যে, "আজি মই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালজীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছিলো। অৰবিন্দজীক ধন্যবাদ যে এনে সময়ত তেওঁ ঝাৰখণ্ডী যোদ্ধা হেমন্ত জী আৰু জেএমএম পৰিয়ালৰ সৈতে থিয় দিছে।

তেওঁ কয় যে, আজি সমগ্ৰ দেশে বিজেপি তথা কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ দেখি আছে। ঝাৰখণ্ডৰ লগতে দিল্লী আৰু অন্যান্য অ-বিজেপি শাসিত ৰাজ্যসমূহত কেনেকৈ গণতন্ত্ৰক ধ্বংস কৰা হৈছে তাকে দেখি জনতা আচৰিত হৈছে। আমি কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ এই ষড়যন্ত্ৰৰ বিৰুদ্ধে একেলগে যুঁজদিব লাগিব।

এই পোষ্টটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কেজৰিৱালে কয় যে, কল্পনাজী, আমি ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনৰ সৈতে আছো। সমগ্ৰ দেশে তেওঁৰ শক্তি ,সাহস আৰু তেওঁ কেনেকৈ বিজেপিৰ অত্যাচাৰৰ সন্মুখীন হৈছে তাৰ প্ৰশংসা কৰে। যদি তেওঁ বিজেপিৰ সৈতে হাত মিলালেহেতেন তেন্তে আজি কাৰাগাৰত থাকিব নালাগিলহেতেনl তেওঁ সত্যৰ পথ এৰি যোৱা নাই।

উল্লেখ্য যে, ধন কেলেংকাৰীৰ গোচৰত কাৰাগাৰত আছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল চোৰেনক। তাৰ পূৰ্বে তেওঁ ত্যাগ কৰিছিল মুখ্যমন্ত্ৰীৰ পদ।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ ব্যাপক প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in