হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ ব্যাপক প্ৰস্তুতি

হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ  ব্যাপক প্ৰস্তুতি

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ উদ্যোগত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো সনাতন ব্ৰহ্ম ধৰ্মৰ ৭৭ সংখ্যক মাঘী পূৰ্ণিমা পাৰ্বণটো অহা ২৩, ২৪ আৰু ২৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত হাওৰাঘাটৰ আমনি গাঁৱৰ ব্ৰহ্মযজ্ঞ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হ'ব বুলি কাৰ্বি জিলা দক্ষিণ পশ্চিম আঞ্চলিক সনাতন ব্ৰহ্ম ধৰ্ম প্ৰচাৰ সেৱা সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্ম আৰু সাধাৰণ সম্পাদক দশৰথ ব্ৰহ্মই জানিবলৈ দিয়ে ।

কাৰ্যসূচী অনুসৰি ২৩ ফেব্ৰুৱাৰীত বিয়লি ভক্ত প্ৰতিনিধি সকলৰ আগমণ ও নাম পঞ্জীয়ন, ইয়াৰ পিছতে মুখ্য তোৰণ উন্মোচন কৰিব গৰখীয়া পুখুৰী গাৱঁৰ চৰকাৰী গাওঁবুঢ়া ধ্ৰুৱ ব্ৰহ্মই , দ্বিতীয় তোৰণ মুকলি কৰিব আমনি গাঁৱৰ ভবেন বড়োৱে , সন্ধিয়া মাঙ্গলিক যজ্ঞ শুভাৰম্ভ কৰিব আমনি গাঁৱৰ মহেশ্বৰ খাখলাৰীয়ে, সন্ধিয়া বিষয় বাচনী সভা আৰম্ভ হ'ব ।সভাপতিত্ব কৰিব স্হায়ী সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মই । ২৪ ফেব্ৰুৱাৰীত পুৱতি নিশা উষা কীৰ্তন পৰিচালনা কৰিব আমনি গাঁৱৰ কীৰ্ত্তন দলে , পুৱা উদয়াস্ত অখণ্ড যজ্ঞ শুভাৰম্ভ কৰিব কাউৰী পথাৰ গাঁৱৰ আচাৰ্য লক্ষীন্দ্ৰ গয়াৰীয়ে, ইয়াৰ পিছতে শাস্ত্ৰ পাঠ অনুষ্ঠান অনুষ্ঠিত হ'ব ।

সভাপতিত্ব কৰিব সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মই, সঞ্চালনা কৰিব বাহনী গাঁৱৰ আচাৰ্য কালিকান্ত ৰাভাই, শাস্ত্ৰ পাঠ কৰিব মাজগাঁৱৰ পুৰোহিত পবিত্ৰ খাখলাৰী , আমনি গাঁৱৰ পুৰোহিত উপাস্য ব্ৰহ্ম আৰু পদুম পুখুৰী গাঁৱৰ পুৰোহিত ৰামপ্ৰসাদ খাখলাৰীয়ে l ভাগৱত পাঠৰ অন্তত: আইসকলৰ দ্বাৰা ভাগৱতৰ নাম গোৱা হ'ব । বিয়লি এক বজাত মুকলি ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব । সভাত সভাপতিত্ব কৰিব সভাপতি তৰুণ চন্দ্ৰ ব্ৰহ্মই। সভাখন আঁত ধৰিব সাধাৰণ সম্পাদক দশৰথ ব্ৰহ্মই ।

সভাখন উদ্ধোধন কৰিব আমনি গাঁৱৰ জয়ন্ত বসুমতাৰীয়ে । আদৰণি ভাষণ প্ৰদান কৰিব পুৰোহিত সন্মিলনৰ সম্পাদক ডিম্বেশ্বৰ দৈমাৰীয়ে। সভাত মুখ্য অতিথি ভাষণ দিব কাউৰী পথাৰৰ অমিয় কুমাৰ বাগলাৰীয়ে । সভাত বিশিষ্ট অতিথি ভাষণ দিব পদুম পুখুৰীৰ চন্দ্ৰ খাখলাৰী আৰু পুৰোহিত হৰিদাস বসুমতাৰীয়ে। সভাত আচাৰ্য বাবাৰ ভাষণ দিব বাহনী গাঁৱৰ আচাৰ্য কালিকান্ত ৰাভা আৰু কাউৰী পথাৰৰ আচাৰ্য বাবা লক্ষীন্দ্ৰ গয়াৰীয়ে। সন্ধিয়া উদয়াস্ত অখণ্ড যজ্ঞ সাৰণি পৰিব । ২৫ ফেব্ৰুৱাৰীত পুৱা আঠ বজাৰ পৰা প্ৰীতি সন্মিলন আৰম্ভ হ'ব ।

হাওৰাঘাটৰ আমনি গাঁৱত মাঘী পূৰ্ণিমা পাৰ্বনৰ  ব্যাপক প্ৰস্তুতি
ৰঙিয়াত মহাবিষ্ণু যজ্ঞ মহোৎসৱত উপস্থিত মৃণালিনী দেৱী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in