সুৰা নীতি কেলেংকাৰীঃ দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অৰবিন্দ কেজৰিৱাল...

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ ইডিৰ পৰা এখনৰ পাছত আনখন চমন লাভ কৰাৰ পাছত দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ সুৰা নীতি গোচৰত কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ৰ পৰা অন্তৱৰ্তীকালীন সকাহ বিচাৰি আবেদন কৰিছে।

আবেদনত কেজৰিৱালে কৈছে যে তেওঁ তদন্তত সহযোগ কৰিব কিন্তু ইডিয়ে যাতে তেওঁক গ্ৰেপ্তাৰ নকৰে তাত বাধা দিয়ে।

ইডিয়ে অৰবিন্দ কেজৰিৱালক দিল্লীসুৰা নীতিৰ গোচৰত ইতিমধ্যে ৯ বাৰকৈ চমন প্ৰেৰণ কৰিছে। এতিয়ালৈকে তেওঁ হাজিৰ হোৱা নাই ইডি কাৰ্যালয়ত। অৰবিন্দ কেজৰিৱালে দিল্লী উচ্চ ন্যায়ালয়ত ইডিৰ চমনৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাইছে।

বুধবাৰে দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালক প্ৰশ্ন কৰিছে যে তেওঁ কি কাৰণে ইডি কাৰ্যালয়ত হাজিৰ হোৱা নাই। আনহাতে ইডিক গোচৰৰ স্থিতি সম্পৰ্কে প্ৰশ্ন কৰে। ইডিয়ে দাবী কৰিছে যে, আম আদমী পাৰ্টিৰ (আপ) ৰাষ্ট্ৰীয় আহ্বায়কে দাখিল কৰা আবেদনখন যোগ্য নহয়। আৱেদনখনে মানি লণ্ডাৰিং প্ৰতিৰোধ আইনৰ (পিএমএলএ) কিছুমান ব্যৱস্থাকো প্ৰত্যাহ্বান জনাইছে।

উল্লেখ্য যে, সুৰা নীতি কেলেংকাৰী গোচৰত ইতিমধ্যেই গ্ৰেপ্তাৰ হৈছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিচোদিয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৈতেন্দ্ৰ জৈন। এই একেই গোচৰত কেজৰিৱালক চমন জাৰি কৰিছে ইডিয়ে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল
কিশোৰী ধৰ্ষণ কাণ্ডঃ প্ৰেমিকসহ গ্ৰেপ্তাৰ এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in