কিশোৰী ধৰ্ষণ কাণ্ডঃ প্ৰেমিকসহ গ্ৰেপ্তাৰ এজন

কিশোৰী ধৰ্ষণ কাণ্ডঃ প্ৰেমিকসহ গ্ৰেপ্তাৰ এজন

author-image
Asomiya Pratidin
New Update
কিশোৰী ধৰ্ষণ কাণ্ডঃ প্ৰেমিকসহ গ্ৰেপ্তাৰ এজন

ডিজিটেল ডেস্কঃ নাবালিকা ধৰ্ষণৰ অভিযোগত কাছাৰৰ সোনাইত গ্ৰেপ্তাৰ দুই যুৱক । ধৃত দুই যুৱকৰ নাম শামীম হুছেইন আৰু খায়ৰুল ইছলাম বুলি জানিব পৰা গৈছে । ইয়াৰ মাজতে শামীম হুছেইন নামৰ যুৱকজন নাবালিকাৰ প্ৰেমিক বুলি জানিব পৰা গৈছে।

Advertisment

নাবালিকাগৰাকীৰ পিতৃয়ে আৰক্ষী চকীত ৰুজু কৰা গোচৰ মতে, শামীম আহমেদ নামৰ সোনাই ধনেহৰিৰ যুৱকজনৰ লগত তেওঁৰ ১৭ বছৰীয়া নাবালিকাগৰাকীৰ প্ৰেমৰ সম্পৰ্ক আছিল । যোৱা ১৯ মাৰ্চৰ নিশা প্ৰেমিক শামীম হুছেইনে নাবালিকাগৰাকীৰ মিথ্যা প্ৰলোভন দি ঘৰৰ পৰা লৈ যায়।

তাৰপাছতে ঘৰৰ কাষত থকা খেতিপথাৰত লৈ গৈ নাবালিকাগৰাকীক প্ৰেমিক শামীম হুছেইনসহ তেওঁৰ বন্ধু খায়ৰুল ইছলামে ধৰ্ষণ কৰে। এই জঘন্যকাণ্ড সংঘটিত কৰিয়েই নাবালিকাজনীক পথাৰত পেলাই পলায়ন কৰে দুই যুৱক।

ইপিনে ধৰ্ষণৰ বলি নাবালিকাগৰাকীয়ে স্থানীয় পঞ্চায়ত সভাপতিৰ ঘৰত আশ্ৰয় লয় । খবৰ পাই পৰিয়ালৰ লোক গৈ তাতে উপস্থিত হয় আৰু পৰৱৰ্তী সময়ত সোনাই আৰক্ষী চকীত প্ৰেমিক শামীম হুছেইনসহ খায়ৰুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিত অভিযান চলাই ঘটনাৰ ২৪ ঘন্টাৰ ভিতৰত আৰক্ষীয়ে  অভিযুক্ত দুয়োকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

Also Read: ৫ বছৰীয়া সন্তান, স্বামীক এৰি প্ৰেমিকৰ সৈতে পলায়ন মহিলাৰ...

Assam police