বিজেপিৰ আমন্ত্ৰণ স্বীকাৰ কৰিব নেকি কেজৰিৱালে?

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিক কটাক্ষ কৰি কয় যে বিজেপিয়ে তেওঁৰ দলৰ বিধায়ক সকলক লৈ যোৱাৰ চেষ্টা কৰি আছে।

author-image
Asomiya Pratidin
New Update
বিজেপিৰ আমন্ত্ৰণ স্বীকাৰ কৰিব নেকি কেজৰিৱালে?

ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিক কটাক্ষ কৰি কয় যে বিজেপিয়ে তেওঁৰ দলৰ বিধায়ক সকলক লৈ যোৱাৰ চেষ্টা কৰি আছে। কেজৰিৱালে কয়, "তেওঁলোকে (বিজেপি) কয় বিজেপিলৈ আহক, আমি এৰি দিম। মই কৈছো বিজেপিলৈ নাযাঁও, একেবাৰেই নাযাঁও। কি কাৰণে যাম বিজেপিলৈ ?

Advertisment

দিল্লীৰ কিৰাৰীত ৪ খন চৰকাৰী বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰি অৰবিন্দ কেজৰিৱালে এনেদৰে মন্তব্য কৰে। তেওঁ কয়, "তেওঁলোকে যিমান বিচাৰে ষড়যন্ত্ৰ কৰক। মোৰ বিৰুদ্ধে একো কৰিব নোৱাৰে। মইও তেওঁলোকৰ বিৰুদ্ধে থিয় হৈ আছোঁ, মইও শিৰনত নকৰো। মোক কৈছে বিজেপিলৈ আহক এৰি দিম। কিয় যাম বিজেপিলৈ? আমি কি ভুল কাম কৰিছো? বিদ্যালয় নিৰ্মাণ কৰিছো, চিকিৎসালয়, ৰাস্তা নিৰ্মাণ কৰা হৈছে, নৰ্দমা মেৰামতি কৰা হৈছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয়, তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰিলেও দিল্লী চৰকাৰৰ চলিত উন্নয়নমূলক কাম যেনে বিদ্যালয় নিৰ্মাণ আৰু বিনামূলীয়া চিকিৎসা প্ৰদান কৰা বন্ধ নহয়। মনীষ চিছোদিয়াক কাৰাগাৰত ৰখা হৈছে কাৰণ তেওঁ বিদ্যালয় নিৰ্মাণ কৰিছিল। সৈতেন্দ্ৰ জৈনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল কিয়নো তেওঁ মহল্লা ক্লিনিক নিৰ্মাণ কৰিছিল।

বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি তেওঁ কয় যে , বিজেপিয়ে কেন্দ্ৰীয় সংস্থাসমূহ আপৰ বিৰুদ্ধে ব্যৱহাৰ কৰিছে।

Also Read: নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ সফল সামৰণি

aap arvinda kejriwal bjp