নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ সফল সামৰণি

নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ সফল সামৰণি

author-image
Asomiya Pratidin
New Update
নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ সফল সামৰণি

ডিজিটেল সংবাদ, মেৰাপানীঃ নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিনিধি অভিৱৰ্তনৰ সফল সমাপ্তি। অন্তিম দিনাৰ কাৰ্যসূচীত জনসমুদ্ৰত পৰিণত তেলীশালৰ হিড়িম্বানগৰ ক্ষেত্ৰ।

Advertisment

পুৱা বিভিন্ন জনগোষ্ঠীৰ বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ। শোভাযাত্ৰাত বড়ো সকলৰ বিভিন্ন কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগত ৰাভা, মিছিং, চাহ-জনগোষ্ঠী, বিহু নৃত্য প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতে বিভিন্ন জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়।

বিয়লি ৩ বজাৰ পৰা এবছুৰ সভাপতি দ্বীপেন বড়ো সভাপতিত্বত অনুষ্ঠিত মকুলি সভা উদ্বোধন কৰে সদৌ অসম বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰীয়ে, আদৰণি ভাষণ প্ৰদান কৰে বড়ো কছাৰী কল্যাণ স্বায়ত্ত্ব পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিমিঅ' পি নাৰ্জাৰীয়ে, সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৰাজ্য সভাৰ সাংসদ ৰণ গৌৰ্ৰা নাৰ্জাৰী, অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰ্ৰা ব্ৰহ্ম, বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য সমুদ্ৰ গুপ্ত কাশ্যপ, নিমন্ত্ৰীত অতিথি হিচাপে অংশগ্ৰহণ কৰে ঠেঙাল কছাৰী ছাত্ৰ সংগঠনৰ সভাপতি দেৱজিৎ ঠেঙাল, সোনোৱাল ছাত্ৰ সন্থাৰ সভাপতি ৰতন কছাৰী, ভাৰতীয় গোৰ্ষা পৰি সংঘৰ সাধাৰণ সম্পাদক নন্দ কিৰাটী দেৱান আদি কৰি বিভিন্ন দল,সংগঠনৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গ উপস্থিতি থাকে। সভাত বড়ো সকলৰ বিভিন্ন সমস্যাৰ আলোকপাত কৰাৰ লগতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ৰ যোগেদি ঐক্য বদ্ধভাৱে আগবাঢ়ি যোৱাৰ আহ্বান জনায়।

Also Read: অসমৰ সাংস্কৃতিক জগত শূণ্য কৰি ৪১ বছৰতে জীৱন নাট সামৰিলে সু-অভিনেতা,সু পৰিচালক নিতুমণি কলিতাই