তুষাৰপাতৰ মাজতে আজি মুকলি হ'ল কেদাৰনাথৰ দুৱাৰ...

তুষাৰপাতৰ মাজতে আজি মুকলি হ'ল কেদাৰনাথৰ দুৱাৰ...

author-image
Asomiya Pratidin
New Update
তুষাৰপাতৰ মাজতে আজি মুকলি হ'ল কেদাৰনাথৰ দুৱাৰ...

তুষাৰপাতৰ মাজতে আজি মুকলি হ'ল কেদাৰনাথৰ দুৱাৰ...

ডিজিটেল ডেস্কঃ আজি পুৱা মুকলি হ’ল কেদাৰনাথৰ দুৱাৰ। উত্তৰাখণ্ডৰ মন্দাকিনী নদীৰ কাষৰ গড়ৱাল হিমালয় ৰেঞ্জত অৱস্থিত এই কেদাৰনাথ ধাম হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ অতি পবিত্ৰ স্থান হিচাপে পৰিচিত।

Advertisment

এই ধামৰ দুৱাৰ মুকলি হোৱাৰ লগে লগে আজিৰে পৰা কেদাৰনাথ ধামলৈ ভক্তৰ সমাগম আৰম্ভ হৈছে। কেদাৰনাথৰ দুৱাৰ মুকলিৰ এই শুভ ক্ষণত গোটেই কেদাৰনাথক ২৩ কুইণ্টল সজীৱ ফুলেৰে সজাই তোলা হয়।

আজি পুৱা বৈদিক ৰীতি নীতি অনুসৰি পুৱা ৬.২০ বজাত কেদাৰনাথৰ দুৱাৰ মুকলি হয়। হৰ হৰ মহাদেৱ ধ্বনিৰে মুখৰিত হৈ পৰে সমগ্ৰ গড়ৱাল হিমালয়।

কেদাৰনাথৰ দুৱাৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী, বদ্ৰী কেদাৰ মন্দিৰ সমিতিৰ বিষয়ববীয়া, শীৰ্ষ প্ৰশাসনীয় বিষয়া আদি। উল্লেখ্য যে, অতিপাত তুষাৰপাত হোৱাৰ বাবে কেদাৰনাথৰ দুৱাৰ বছৰৰ এটা নিৰ্দিষ্ট সময়ত বন্ধ কৰি দিয়া হয়।

পৰৱৰ্তী সময়ত নিৰ্দিষ্ট নীতি, নিয়মৰ মাজেৰে পুনৰ মুকলি কৰি দিয়া হয় এই ধামৰ দুৱাৰ। এতিয়াও কেদাৰনাথত তুষাৰ পাত হৈয়ে আছে যদিও ভক্তৰ যথেষ্ট সমাগম হৈছে।

আগন্তুক দিনকেইটাতো অতিপাত তুষাৰপাত আৰু বৰষুণৰ আগজাননী দিছে কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই। অৱশ্যে ভক্তৰ সুৰক্ষাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেদাৰনাথ ধামত উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে।

সেই অনুসৰি নিয়োগ কৰা হৈছে ১৩০ জন চিকিৎসক। আছে পেৰামেডিকেল ষ্টাফ। তাৰোপৰি প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ পৰ্যাপ্ত অক্সিজেন চিলিণ্ডাৰ, ঔষধ আদিৰো সুব্যৱস্থা কৰা হৈছে।

Also Read: বাংগালুৰুত আজি জিৰ' শ্বেড' ডে : কি এই বিশেষ দিন...

কেদাৰনাথ গাড়ৱাল হিমালয়