বাংগালুৰুত আজি জিৰ' শ্বেড' ডে : কি এই বিশেষ দিন...

বাংগালুৰুত আজি জিৰ' শ্বেড' ডে : কি এই বিশেষ দিন...

ডিজিটেল ডেস্ক : আজি বাংগালুৰুত "শূন্য ছাঁ দিৱস" (Zero Shadow Day)। বেংগালুৰুবাসী সাক্ষী হ'ব এক অনন্য পৰিঘটনাৰ । য'ত চহৰখনৰ যিকোনো উলম্ব বস্তুৰ ছাঁ দেখা পোৱা নাযাব। মানুহৰ উপৰিও অট্টালিকাৰো ছাঁ দেখা পোৱা নাযাব চহৰখনত । দিনৰ ১২.১৭ বজাত অদৃশ্য হ'ব সকলো বস্তুৰ ছাঁ। এই বিশেষ মুহূৰ্তটো উদযাপন কৰাৰ উদ্দেশ্যে Indian Institute of Astrophysicsয়ে আয়োজন কৰিছে বিশেষ কাৰ্যসূচীৰ।

পিছে কি এই শূন্য ছাঁ দিৱস । এই শূন্য ছাঁ দিৱস বা জিৰ' শ্বেড' ডে হৈছে এক জ্যোতিৰ্বৈজ্ঞানিক পৰিঘটনা; যি বেংগালুৰুকে ধৰি পৃথিৱীৰ কিছুঅংশত বছৰত দুবাৰকৈ দেখা যায়। এই দিনটোত, স্থানীয় সূৰ্যৰ পোহৰ ঠিক ওপৰত থাকে, আৰু ইয়াৰ ফলস্বৰূপে, মাটিত থকা বস্তুবোৰে কোনো ছাঁ নিদিয়ে। এই দিন তেতিয়াহে পালন কৰা হয় যেতিয়া সূৰ্য স্থান দুপৰীয়া পোনপটীয়াকৈ ওপৰত থাকিব আৰু সেয়েহে যিকোনো উলম্ব বস্তুৰ কোনো ছাঁ দেখা পোৱা নাযাব।

অৱশ্যে এইয়া কৰ্কট ক্ৰান্তীয় আৰু মকৰ ক্ৰান্তীয় অঞ্চলৰ মাজৰ স্থানৰ বাবেহে, আৰু বেংগালুৰুৰ বাবে ২৫ এপ্ৰিল (আৰু ১৮ আগষ্ট)ত দেখা যায় এই পৰিঘটনা। আৰু এই পৰিঘটনাৰ বাবেই আজি বাংগালুৰুত আয়োজন কৰা হৈছে বিশেষ কাৰ্যসূচী।

বাংগালুৰুত আজি জিৰ' শ্বেড' ডে : কি এই বিশেষ দিন...
এইবাৰ ড্ৰাগছ বিৰোধী অভিযানত নামিল গাওঁৰক্ষী বাহিনী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in