
ডিজিটেল ডেস্ক : দ্বাৰ মুকলিৰ মাত্ৰ ৭ দিনৰ পাছতেই পুনৰ বন্ধ কৰি দিয়া হ'ল কেদাৰনাথৰ দুৱাৰ। বিগত ২৫ এপ্ৰিলৰ দিনা অতি ধুমধামেৰে অগণন ভক্তৰ উপস্থিতত মুকলি কৰা হৈছিল কেদাৰনাথৰ দ্বাৰ। মুকলিৰ ৭ দিন সম্পূৰ্ণ নহওঁতেই ২ এপ্ৰিলৰ পৰা পুনৰ অনিৰ্দিষ্ট সময়লৈ বন্ধ কৰা হৈছে কেদাৰনাথৰ দ্বাৰ।
কেদাৰনাথ আৰু বদ্ৰীনাথত হোৱা প্ৰচণ্ড তুষাৰপাতৰ বাবেই এই সিদ্ধান্ত সমিতি আৰু প্ৰশাসনৰ। বতৰৰ গতি-বিধি লক্ষ্য কৰি তীৰ্থযাত্ৰীসকলৰ বাবে এই নিৰ্দেশনাজাৰী কৰা হৈছে। বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত সতৰ্কতা জাৰি কৰা নিৰ্দেশনাত ৩,৫০০ মিটাৰ ওপৰত শিলাবৃষ্টি, বৰষুণ আৰু তুষাৰপাতৰ হোৱাৰ আগতীয়া অনুমান কৰি যাত্ৰী সকলক ওপৰলৈ যোৱাত বাধা আৰোপ কৰিছে।
এই নিৰ্দেশনা হঠাৎ আৰু অনিৰ্দিষ্ট কাললৈ জাৰি কৰাত বহু যাত্ৰী আধবাটতেই আৱদ্ধ হৈ পৰিছে। কোনো নিশ্চয়তা নোহোৱা এক পৰিস্থিৰ বাবে একাংশ যাত্ৰীয়ে উভতনিৰ বাট লোৱাৰ পৰিলক্ষিত হৈছে। গতিকে আপুনি যদি কেদাৰনাথ ধাম যোৱাৰ পৰিকল্পনা কৰি ৰাখিছে তেন্তে এনে নিৰ্দেশনা পঢ়িহে যাবলৈ দিন ধাৰ্য কৰিব ।