বিহুৰ চান্দা তুলিবলৈ গৈ ব্যৱসায়ীৰ মুখত থুৱালে শৃংখলে...

অভিযোগৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে শৃংখল চলিহাক

author-image
Asomiya Pratidin
New Update
বিহুৰ চান্দা তুলিবলৈ গৈ ব্যৱসায়ীৰ মুখত থুৱালে শৃংখলে...

ডিজিটেল ডেস্কঃ পুনৰ বিতৰ্কত বীৰ লাচিত সেনাৰ প্ৰশাসনীয় সচিব শৃংখল চলিহা। বিতৰ্কিত কাম-কাজেৰে চৰ্চাত থকা শৃংখল চলিহাৰ বিৰুদ্ধে এইবাৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। এগৰাকী ব্যৱসায়ীয়ে বিহুৰ চান্দা নিদিয়াৰ বাবেই মুখত থুওৱাৰ অভিযোগ উত্থাপন হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে।

Advertisment

মঙ্গলবাৰে শিৱসাগৰত সংঘটিত হয় এই ঘটনা। ঘটনাৰ খবৰ অনুসৰি শিৱসাগৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে আন কেইবাজনো সতীৰ্থৰ সৈতে বিহুৰ চান্দা তুলিবলৈ গৈছিল।

তাৰ মাজতে শৃংখল আৰু ব্যৱসায়ীগৰাকীৰ মাজত কথাৰ কটাকটি আৰম্ভ হয়। ইয়াৰ মাজতেই অনা-অসমীয়া ব্যৱসায়ীগৰাকীৰ মুখত থুৱাই দিয়াৰ অভিযোগ শৃংখল চলিহাৰ বিৰুদ্ধে।

অভিযোগ উত্থাপন কৰা এই ব্যৱসায়গৰাকীৰ নাম অংকুশ কেডিয়া। ব্যৱসায়ী অংকুশ কেডিয়াৰ অভিযোগৰ ভিত্তিতে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে শৃংখল চলিহাক।

Also Read: ধুমুহাই তচ-নচ কৰি গ'লঃ কামপুৰত মুকলি আকাশৰ তলত আশ্ৰয় ল'লে ভুক্তভোগীয়ে

শৃংখল চলিহা বীৰ লাচিত সেনা