/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/178af518-6ca5-48db-845c-19529998d567/JM_earthquake.jpg)
ডিজিটেল ডেস্ক : এইবাৰ কাশ্মীৰত ভূইকঁপ। মঙলবাৰে দুপৰীয়া প্ৰায় ১:৩০ বজাত পূৱ কাশ্মীৰ জোকাৰি গ'ল ভূইকঁপে। ৫.৪ প্ৰাবল্যৰ আছিল এই ভূমিকঁপ। ইউৰোপীয় ভূমধ্যসাগৰীয় ভূকম্পন কেন্দ্ৰই (ইএমএছচি) অৱগত কৰে ভূইকঁপৰ প্ৰাবল্য।
প্ৰাথমিক প্ৰতিবেদন অনুসৰি, জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ গান্দোহ ভালেচা গাঁৱৰ পৰা ১৮ কিলোমিটাৰ দূৰৰ ৩০ কিলোমিটাৰ গভীৰতা হ'ল ভূইকঁপটোৰ উৎপত্তি স্থল।
এই ভূইকঁপৰ ফলত জম্মু আৰু কাশ্মীৰত অনুভৱ হয় তীব্ৰ কম্পনৰ। দেশৰ ৰাজধানী দিল্লী আৰু ইয়াৰ কাষৰীয়া অঞ্চলকে ধৰি উত্তৰ ভাৰতৰ অন্যান্য অংশতো এই জোকাৰণি অনুভৱ কৰা যায়। উল্লেখ্য যে, ভূইকঁপৰ ফলত কোনো ক্ষয়-ক্ষতিৰ খবৰ বৰ্তমান পৰ্যন্ত অহা নাই।
Also Read: পুনৰ অথন্তৰ: নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত বানৰ ত্ৰাস...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us