/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/9e54dc89-23f3-4f3b-85cd-11ae6049690c/AP_FOR_WEB_nhpc.jpg)
ডিজিটেল ডেস্ক : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত পুনৰ অথন্তৰ। সোমবাৰৰ নিশাৰ পৰা ভয়ংকৰ ৰূপ লৈ বাঢ়ি আহিছে বানৰ ঢল। মূল টানেলৰ ওপৰেৰে প্ৰবাহিত হৈ ত্ৰাসৰ সৃষ্টি কৰিছে বানে। ইয়াৰোপৰি মূল টানেলৰ সমীপৰ নিৰ্মাণ কাৰ্য অব্যাহত ৰখা অৱস্থাত দুখন এক্সকেভেটৰ উটুৱাই নিয়ে ত্ৰাসিত বানে। যাৰ বাবে সম্প্ৰতি প্ৰকল্পৰ নিৰ্মাণ কাম স্থগিত ৰখা হৈছে।
উল্লেখ্য নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত প্ৰকৃতিৰ তাণ্ডৱ ইয়াৰ পূৰ্বেও দেখিবলৈ পোৱা গৈছিল। বিগত সময়ত অৰুণাচলত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত গেৰুকামুখৰ ঠুনুকা পাহাৰত দেখা গৈছিল ভূমিস্খলন। তদুপৰি অত্য়াধিক বৰষুণৰ ফলত ঠুনুকা পাহাৰৰ গাৰ্ড ৱাল খহাৰ লগতে মূল বান্ধৰ কাষতে তাচ পাতৰ দৰে পাহাৰৰ বৃহৎ বৃহৎ অংশ খহি পৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছিল।
প্ৰকৃতিৰ এনে তাণ্ডৱলীলাত কম্পমান হৈ এন এইছ পি চিয়ে ইতিমধ্যে প্ৰায় ৮০ শতাংশ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বান্ধটোৰ অৱশিষ্ট ২০ শতাংশ নিৰ্মাণকাৰ্য আগঢ়াবলৈ চিন্তা কৰিবলগীয়াত পৰিছিল। ঠিক তেনে দৰে বৰ্তমান পুনৰ বানৰ ঢলৰ বাবে প্ৰকল্পৰ নিৰ্মাণকাৰ্য বন্ধ কৰিবলৈ বাধ্য হৈছে। ইপিনে বহু বিতৰ্কিত প্ৰকল্পটোৰ কামত বাধা দি অহা সংগঠনে বৰ্তমানেই বিৰোধীতা কৰে ইয়াৰ নিৰ্মাণ কাৰ্যক।
Also Read: আধাৰশিলাৰ ৩ বছৰ: মাত্ৰ ২% শতাংশ কাম কৰি ভাগৰিল মন্ত্ৰী...