কৰণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীক গুলীয়াই হত্যা

কৰণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীক গুলীয়াই হত্যা

author-image
Asomiya Pratidin
New Update
কৰণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীক গুলীয়াই হত্যা

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণী সেনাৰ ৰাষ্ট্ৰীয় সভাপতি সুখদেৱ সিং গোগামেড়ীক মঙলবাৰে জয়পুৰত গুলীয়াই হত্যা কৰা হয়। দিন-দুপৰতে অচিনাক্ত দুৰ্বৃত্তৰ গুলীত নিহত হয় ৰাষ্ট্ৰীয় নেতাগৰাকী।

Advertisment

জয়পুৰৰ শ্যাম নগৰ অঞ্চলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰই জনোৱা মতে, গোগামেড়ী উপস্থিত থকা এটা ঘৰত ৪জন লোকে প্ৰৱেশ কৰি গুলীচালনা কৰে। এই গুলীচালনাৰ ফলত গোগামেড়ীৰ এজন নিৰাপত্তাৰক্ষী আৰু আন এজন লোকো আহত হয়।

জয়পুৰ আৰক্ষী আয়ুক্ত বিজু জৰ্জ জোচেফে জনোৱা মতে, ঘটনা সংঘটিত হোৱাৰ পাছতে ততাতৈয়াকৈ গোগামেড়ীক মেট্ৰ মাচ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

Also Read: অমৃতসৰত গ্ৰেপ্তাৰ খালিস্তানী সন্ত্ৰাসবাদী পৰমজিৎ সিং

Sukhdev Singh Gogamed