/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/72af7473-40d7-46bf-9f3b-06e851d421de/PRAJJAL.jpg)
আৰক্ষীয়ে বিচাৰি নাপালেঃ ৩১ মে'ত নিজেই SIT ৰ সন্মুখলৈ আহিব প্ৰজ্বল ৰেভান্না...
ডিজিটেল ডেস্কঃ দেশলৈ ঘূৰি আহিব প্ৰজ্বল ৰেভান্না। নিৰ্বাচনৰ মাজতে অশ্লীল ভিডিঅ’ কাণ্ড পোহৰলৈ অহাত দেশ এৰি পলায়ন কৰিছিল ৰেভান্নাই। ইয়াৰ পাছতেই কৰ্ণাটক চৰকাৰে ৰেভান্নাক স্বদেশলৈ ঘূৰাই আনিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল।
আনকি তেওঁৰ পাছপ’ৰ্ট বাতিলৰ বাবেও আবেদন কৰা হৈছিল। কিন্তু তাৰ পাছতো ৰেভান্নাক আটক কৰিবলৈ সক্ষম হোৱা নাছিল কৰ্ণাটক চৰকাৰ। তাৰ মাজতেই প্ৰজ্বল ৰেভান্নাই নিজেই ভাৰতলৈ ঘূৰি অহাৰ কথা প্ৰকাশ কৰিছে।
কেৱল সেয়াই নহয়, দেশলৈ ঘূৰি আহি তদন্তকাৰী দলক সহযোগিতাও আগবঢ়াব বুলি ঘোষণা কৰিছে। সমান্তৰালকৈ তেওঁ এই অশ্লীল ভিডিঅ’ কাণ্ডৰ সৈতে জড়িত নহয় বুলি দাবী কৰিছে। তেওঁ কৈছে ৰাজনৈতিক ষড়যন্ত্ৰৰহে তেওঁ বলি হৈছে।
এক সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাতকাৰত প্ৰজ্বল ৰেভান্নাই কয়, ‘’মোৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে। মোৰ ৰাজনৈতিক উত্থান সহ্য কৰিব নোৱাৰি হাছানৰ কিছুমান শক্তিয়ে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল।‘’
হাছান সমষ্টিৰ সাংসদজনে পুনৰ কয়, "অনুগ্ৰহ কৰি মোক ভুল নুবুজি। মই ৩১ মে'ত পুৱা ১০ বজাত এছ আই টিৰ সন্মুখত হাজিৰ হ'ম। মই আৰক্ষীৰ সৈতে সকলো ধৰণে সহযোগিতা কৰিম। ন্যায়িক ব্যৱস্থাৰ ওপৰত মোৰ বিশ্বাস আছে।’’
অশ্লীল ভিডিঅ’ কাণ্ড পোহৰলৈ অহাৰ পাছতেই হাছান সমষ্টিৰ জে ডি এছ আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰজ্বল ৰেভান্নাই দেশ এৰি পলায়ন কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী এইছ ডি দেৱগৌড়াৰ নাতি প্ৰজ্বলৰ বিৰুদ্ধে উত্থাপিত হৈছে একাধিক মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ।
দেশ এৰি পলায়ন কৰাৰ পাছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াৰ নেতৃত্বাধীন চৰকাৰে গঠন কৰিছিল এছ আই টি। এই এছ আই টিয়ে জাৰি কৰিছে গ্ৰেপ্তাৰী পৰোৱানা। তাৰ পাছতো ৰেৱান্না ক’ত আছে তাৰ বিষয়ে কোনো কথাই নাজানে আক্ষীয়ে।
অৱশ্যে এক সূত্ৰই দাবী কৰিছে প্ৰজ্বল ৰেৱান্না কূটনৈতিক পাছপোৰ্ট ব্যৱহাৰ কৰি জাৰ্মানীত আছে। তাৰ মাজতে অৱশ্যে প্ৰাক্তন প্ৰধানমন্ত্ৰী দেৱগৌড়াই নাতিক দেশলৈ ঘূৰি আহিবলৈ আহ্বান জনাইছে।
জে ডি এছৰ সাংসদ দেৱগৌড়াই যোৱা বৃহস্পতিবাৰে মন্তব্য কৰিছিল যদি তদন্তত তেওঁৰ নাতি দোষী প্ৰমাণিত হয় তেন্তে তেওঁক কঠোৰ শাস্তি প্ৰদান কৰা উচিত। লগতে তেওঁ আৰক্ষীৰ ওচৰত আত্ম সমৰ্পণ কৰিবলৈও আহ্বান জনাইছিল।
Also Read: নিজক বিচাৰি এটা নিশা জুকু ভেলীত...