কৰ্ণাটক বিধানসভা নিৰ্বাচন: ক্ষমতা দখলৰ দিশে অগ্ৰসৰ কংগ্ৰেছ...

কৰ্ণাটক বিধানসভা নিৰ্বাচন: ক্ষমতা দখলৰ দিশে অগ্ৰসৰ কংগ্ৰেছ...

ডিজিটেল ডেস্ক : অব্যাহত আছে কৰ্ণাটকত কংগ্ৰেছৰ অগ্ৰগতিৰ ধাৰা। এতিয়াও ১৩৬ খন আসনত অগ্ৰগতিৰ লাভ কংগ্ৰেছৰ। সমান্তৰালভাৱে প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ ২৪ খন আসনত ইতিমধ্যেই জয় লাভ কৰিছে কংগ্ৰেছে। ইয়াৰ লগে লগে উচাহৰ বন্যা বৈছে কংগ্ৰেছৰ মাজত।

আনহাতে ২ বজাৰ পৰ্যন্ত নিৰ্বাচনী আয়োগে দিয়া তথ্য অনুসৰি ৬৩ খন আসনত অগ্ৰগতি লাভেৰে ১৩ খন আসন লাভ কৰিছে বিজেপিয়ে। আকৌ অন্যান্য পাৰ্টীয়ে ৪ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ইয়াৰ বিপৰীতে জেডিএচে ১৭খন আসনৰ অগ্ৰগতিৰে ৪ খন আসনত জয় লাভ কৰে। সমান্তৰালভাৱে জেডিএচে দেখাব পৰা নাই আশানুৰূপ ফল। বিভিন্ন সমীক্ষাত জেডিএচে যি ফলাফল দেখুৱাব পাৰিব বুলি প্ৰকাশ পাইছিল তাৰ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে।

উল্লেখ্য যে, এই নিৰ্বাচনৰ মুঠ আসনৰ সংখ্যা ২২৪ খন । য'ত ৰাজ্যখনৰ ৭৩.১৯ শতাংশ নাগৰিকে ভোটদান কৰিছে। আনহাতে এই পৰিসংখ্যা ৰাজ্যখনৰ নিৰ্বাচনৰ ইতিহাসত সৰ্ব্বোচ্চ। এই ভোট গগণাত কংগ্ৰেছে বৰ্তমানলৈ ৪৩ শতাংশ ভোট লাভ কৰিছে।

কৰ্ণাটক বিধানসভা নিৰ্বাচন: ক্ষমতা দখলৰ দিশে অগ্ৰসৰ কংগ্ৰেছ...
কাৰ ভাগ্য ফুলিব ? অগ্ৰগতিৰ দিশে কংগ্ৰেছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in