কাৰ ভাগ্য ফুলিব ? অগ্ৰগতিৰ দিশে কংগ্ৰেছ...

কাৰ ভাগ্য ফুলিব ? অগ্ৰগতিৰ দিশে কংগ্ৰেছ...

ডিজিটেল ডেস্ক : আজি কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগগণা। বিগত ১০ মে' তাৰিখে অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ পিছত আজি গগণা হোৱা ভোটয়ে দেশৰ ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱ পেলাব। বৰ্তমানলৈ হোৱা ভোট গগণাত কৰ্ণাটকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ ভি.কে শিৱ কুমাৰৰ জয়লাভ হোৱাৰ লগে লগে সৃষ্টি হৈছে ৰাজনৈতিক চৰ্চা।

নিৰ্বাচনী আয়োগৰ শেহতীয়া তথ্য অনুসৰি কংগ্ৰেছৰ অগ্ৰগতি লাভ কৰা দেখা গৈছে এই ভোট গগণাত। ১১.৩০ বজালৈ হোৱা ভোট গগণাত কংগ্ৰেছে ৪৩ শতাংশ ভোট লাভ কৰাৰ খবৰ আহি পৰিছে। য'ত ১১৮ খন আসনেৰে অগ্ৰগতিত লাভ কৰা কংগ্ৰেছে। ইয়াৰ বিপৰীতে ৭৫ খন আসন লাভ কৰাৰ দিশে বিজেপি। আনহাতে জেডিএচ আৰু অন্যান্য সকলৰ আসনৰ সংখ্যা ৩২ খন বুলি তথ্য প্ৰকাশ কৰিছে নিৰ্বাচনী আয়োগে।

এই ভোট গগণাৰ অন্তত যি ফলাফল আহিব সেই ফলাফলে যে দেশৰ ৰাজনীতিত বাৰুকৈয়ে প্ৰভাম্বিত কৰিব সেইয়া নিশ্চিত। বিজেপিৰ দূৰ্গ খহি যদি কংগ্ৰেছৰ দূৰ্গ স্থাপন হয় তেন্তে আহিব লগীয়া অন্যান্য ৰাজ্যৰ নিৰ্বাচনতো বিজেপিৰ বাবে চিন্তনীয় বিষয় হৈ পৰিব।

উল্লেখ্য যে, এই নিৰ্বাচনৰ মুঠ আসনৰ সংখ্যা ২২৪ খন । য'ত ৰাজ্যখনৰ ৭৩.১৯ শতাংশ নাগৰিকে ভোটদান কৰিছে। আনহাতে এই পৰিসংখ্যা ৰাজ্যখনৰ নিৰ্বাচনৰ ইতিহাসত সৰ্ব্বোচ্চ।

কাৰ ভাগ্য ফুলিব ? অগ্ৰগতিৰ দিশে কংগ্ৰেছ...
পাৰস্পৰিক যুঁজত পৰাৰ পৰিণাম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in