প্ৰসংগ- কৰ্ণাটকৰ নিৰ্বাচন : ১২২ জন নৱনিৰ্বাচিত বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ...

অপৰাধমূলক গোচৰ আৰু অবৈধ সম্পত্তিৰে ভৰি আছে কৰ্ণাটকৰ নৱনিৰ্বাচিত বিধায়কৰ তালিকা...
প্ৰসংগ- কৰ্ণাটকৰ নিৰ্বাচন : ১২২ জন নৱনিৰ্বাচিত বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ...

ডিজিটেল ডেস্ক : সমাপ্তি ঘটিল কৰ্ণাটকাৰ বিধান সভা নিৰ্বাচন। একক সংখ্যা গৰিষ্ঠতাৰে চৰকাৰ গঠনৰ প্ৰস্তুতি কংগ্ৰেছৰ । পিছে শপত গ্ৰহণৰ পূৰ্বে প্ৰকাশ পাইছে নৱনিৰ্বাচিত বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক কাম-কাজৰ সৈতে জড়িত থকাৰ গুৰুতৰ তথ্য।

নতুন বিধানসভা সদস্য অৰ্থাৎ নৱনিৰ্বাচিত ১২২ জন বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক কাম-কাজৰ গোচৰ। যি তথ্য প্ৰকাশ পাইছে তেওঁলোকৰ স্ব-শপত গ্ৰহণৰ বাবে প্ৰস্তুত কৰা শপতনামাত। অৱশ্যে এই তথ্য অনুসৰি বিধায়ক সকল মাত্ৰ কংগ্ৰেছ কিম্বা বিজেপিৰ নহয়, এই তালিকাত সাঙুৰ খাইছে অন্যান্য আঞ্চলিক দলৰ সদস্যৰ নাম।

এছ'চিয়েছন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ এণ্ড কৰ্ণাটক ইলেকচন ৱাচৰ এক প্ৰতিবেদন মতে, ২০১৮ৰ নিৰ্বাচনত ৭৭ জন বিধায়কৰ বিৰুদ্ধে আছিল অপৰাধমূলক গোচৰ। ইয়াৰ পিছত বৰ্তমান চলিত ম্যাদত অমীমাংসিত অপৰাধমূলক গোচৰ থকা ১২২ জন প্ৰাৰ্থীৰ ভিতৰত ৭১ জনে নিজৰ বিৰুদ্ধে থকা গুৰুতৰ অপৰাধমূলক গোচৰৰ কথা স্বীকাৰ কৰে।

উল্লেখ্য যে, ইয়াৰে এজন বিজয়ী প্ৰাৰ্থীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০২ ধাৰাৰ অধীনত হত্যা সম্পৰ্কীয় এটা গোচৰৰ কথা স্বীকাৰ কৰে। আকৌ ৩ জনে হত্যাৰ প্ৰচেষ্টা কৰা গোচৰৰ প্ৰতিবেদন দিছে। আকৌ আন ৭ জনৰ বিৰুদ্ধে আছে মহিলাৰ বিৰুদ্ধে কৰা অপৰাধ সম্পৰ্কীয় গোচৰ। ইয়াৰে এজন প্ৰাৰ্থীয়ে স্বীকাৰ কৰিছে যে তেওঁৰ বিৰুদ্ধে আইপিচিৰ ৩৭৬ ধাৰাৰ অধীনত থকা ধৰ্ষণৰ গোচৰৰ বিচাৰ চলি আছে। 

ইপিনে মুখ্যমন্ত্ৰী পদৰ দৌৰত থকা ডি কে শিৱকুমাৰৰ নাম আহি পৰিছে সদস্য সকলৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থী হোৱাৰ নামৰ তালিকাত। যাৰ আছে ১,৪১৩ কোটি টকাৰ সম্পত্তি। ইপিনে তালিকাৰ দ্বিতীয় স্থানত থকা নিৰ্দলীয় প্ৰাৰ্থী কে এইচ পুট্টাস্বামী গৌড়াৰ আছে ১,২৬৭ কোটি টকাৰ সম্পত্তি। ধনী প্ৰাৰ্থীৰ তালিকাত তৃতীয় স্থানত আছে কংগ্ৰেছৰ প্ৰিয়কৃষ্ণ, যাৰ সম্পত্তিৰ মূল্য ১,১৫৬ কোটি টকা।

এই তালিকা প্ৰকাশ পোৱাৰ লগে লগে এতিয়া ৰাজ্যখনত প্ৰাৰ্থী সকলৰ বিৰুদ্ধে চলিছে সৰৱ চৰ্চা। নিজেই অপৰাধজনিত কাৰ্য-কলাপত জড়িত থকা প্ৰাৰ্থী সকলে ৰাজ্যখনৰ অপৰাদ ৰোধ কৰিব পাৰিবনে নাই সেইয়া হৈ পৰিছে ডাঙৰ প্ৰশ্ন। তদুপৰি নৱ-নিৰ্বাচিত জ্যেষ্ঠ প্ৰাৰ্থী সকলৰ অবৈধ ধন-সম্পত্তিয়ে ৰাজ্যখনৰ সচেতন মহলত চৰ্চাৰ বিষয় হৈ পৰিছে।

প্ৰসংগ- কৰ্ণাটকৰ নিৰ্বাচন : ১২২ জন নৱনিৰ্বাচিত বিধায়কৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ...
হিতাধিকাৰী আঁচনিয়েই অসমত পতন আনিব বিজেপিৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in