পাৰস্পৰিক যুঁজত পৰাৰ পৰিণাম...

কহঁৰা বনাঞ্চলৰ কাজিৰঙা বিটৰ অন্তৰ্গত মৰি ডিফলুৰ পানী যুঁৱলিত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হ’ল মৃত বাঘিণী জনীৰ মৃতদেহ

author-image
Asomiya Pratidin
New Update
পাৰস্পৰিক যুঁজত পৰাৰ পৰিণাম...

ডিজিটেল সংবাদ, কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পাৰস্পৰিক যুঁজত পৰিল বাঘিণী ৷ কহঁৰা বনাঞ্চলৰ কাজিৰঙা বিটৰ অন্তৰ্গত মৰি ডিফলুৰ পানী যুঁৱলিত ক্ষত বিক্ষত অৱস্থাত উদ্ধাৰ হ’ল মৃত বাঘিণী জনীৰ মৃতদেহ ৷

Advertisment

শৰীৰৰ বিভিন্ন অংগত আঘাটৰ চিন থকা মৃত বাঘিণীৰ মৰোণোত্তৰ পৰীক্ষাৰ পাছত আন বাঘৰ লগত পাৰস্পৰিক যুঁজত মৃত্যু হোৱাৰ কথা নিশ্চিত কৰে পশু চিকিৎসকে। বাঘিণীজনীৰ বয়স আছিল প্ৰায় ১২ বছৰ। এই বয়সক প্ৰাপ্ত বয়স্ক বুলি ধৰা হয় ৷

বাঘিণীজনীৰ মৃত্যুৰ পিছতেই দ্বায়িত্ব আহি পৰিছিল বনবিভাগ কিম্বা বনকৰ্মী সকলৰ। ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ নীতি অনুসৰি ঘটনাস্থলীতে মৃত বাঘিণী জনীৰ মৃতদেহ দাহ কৰে বন কৰ্মী সকলে ৷

Also Read: আজি বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস...

kaziranga national park