বিজেপিৰ দূৰ্গ খহাই কৰ্ণাটকত কংগ্ৰেছ...

কৰ্ণাটকত খহিল বিজেপিৰ দূৰ্গ। একক সংখ্যাগৰিষ্ঠ আসনেৰে কৰ্ণাটকৰ বিধান সভা নিৰ্বাচনত জয় লাভ কৰিলে কংগ্ৰেছে

author-image
Asomiya Pratidin
New Update
বিজেপিৰ দূৰ্গ খহাই কৰ্ণাটকত কংগ্ৰেছ...

ডিজিটেল ডেস্ক : কৰ্ণাটকত খহিল বিজেপিৰ দূৰ্গ। একক সংখ্যাগৰিষ্ঠ আসনেৰে কৰ্ণাটকৰ বিধান সভা নিৰ্বাচনত জয় লাভ কৰিলে কংগ্ৰেছে। ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতেই কংগ্ৰেছৰ উচাহৰ ঢৌ। প্ৰান্তে প্ৰান্তে ফুটিব ধৰিছে আতচবাজী। ৰাজ্যই ৰাজ্যই কংগ্ৰেছে আয়োজন কৰিছে বিশেষ কাৰ্যসূচী। বিজয় উল্লাসত কোনো সুৰুঙা এৰা নাই কংগ্ৰেছৰ নেতা-কৰ্মীয়ে। আনন্দ-উচাহৰ মাজতে কৰ্ণাটকত ৫০ টাকৈ হোটেলৰ কোঠালি বুক কৰি বিধায়ক সকলৰ বিশেষ বৈঠক।

Advertisment

আৰম্ভণি হৈছিল কৰ্ণাটকৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ ভি.কে শিৱ কুমাৰৰ জয়লাভেৰে। এই জয়লাভৰ বাতৰি প্ৰকাশ পোৱাৰ লগে লগে যেন থমকি নৰ'ল কংগ্ৰেছ। এখনৰ পাছত এখন আসন লাভেৰে বৰ্তমানলৈ ১২৫ খন আসন লাভ কৰি জয় নিশ্চিত কৰিলে কংগ্ৰেছে। ইপিনে বৰ্তমানেও ১১ আসনত অগ্ৰগতি লাভ কৰিছে কংগ্ৰেছে। আনহাতে বিজেপিয়ে ৫৮ খন আসন জয় লাভ কৰি ৬ খন আসনত অগ্ৰগতিত লাভ কৰিছে।

কৰ্ণাটকৰ এই নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতাৰে জয় লাভ কৰাৰ লগে লগে দেশৰ ৰাজনীতিত বাৰুকৈয়ে প্ৰভাৱ পৰিছে। বিজেপিৰ দূৰ্গ খহাই দক্ষিণ ভাৰতত কংগ্ৰেছৰ জয় লাভক স্বীকাৰ কৰিছে বিজেপিয়ে। এইয়া কংগ্ৰেছৰ সুবৰ্ণ সুযোগ। ৰাহুল গান্ধীৰ ভাৰত জড়ো যাত্ৰাৰ এইয়া যেন প্ৰত্যক্ষ প্ৰভাৱ। পিছে ইয়াৰ পাছৰ পৰ্যায়হে যেন কংগ্ৰেছে সঠিক সিদ্ধান্ত লোৱাৰ পাল। কিয়নো বৰ্তমানেও ঘোষণা হোৱা নাই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম। কোন হ'ব মুখ্যমন্ত্ৰী সেইয়া এতিয়াও প্ৰশ্নবোধক।

Also Read: নগাঁৱত অত্যাধুনিক “আদিত্য হাস্পতাল” মুকলি বিধায়ক ৰূপক শৰ্মাৰ...

bharatiya janata party indian national congress