নগাঁৱত অত্যাধুনিক “আদিত্য হাস্পতাল” মুকলি বিধায়ক ৰূপক শৰ্মাৰ...

চিকিৎসা সেৱাৰ ক্ষেত্ৰত নগাঁওবাসী ৰাইজে অত্যাধুনিক চিকিৎসা লাভ কৰিব...
নগাঁৱত অত্যাধুনিক “আদিত্য হাস্পতাল” মুকলি বিধায়ক ৰূপক শৰ্মাৰ...

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁৱৰ চিকিৎসা সেৱা ক্ষেত্ৰত শণিবাৰে নতুনকৈ সংযোজন ঘটিল ব্যক্তিগত খণ্ডৰ অত্যাধুনিক এখন চিকিৎসালয় “আদিত্য হাস্পতাল”ৰ ৷ নগাঁৱৰ লাওখোৱা ৰোডৰ ডিফলুত নতুনকৈ মুকলি হোৱা এই ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খন ৰাইজৰ চিকিৎসা সেৱাৰ বাবে শুভাৰাম্ভ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷

চিকিৎসালয় খন মুকলি কৰি তেওঁ ভাষণত কয়- চিকিৎসা সেৱাৰ ক্ষেত্ৰত নগাঁৱৰ বাবে এইয়া ভাল খবৰ ৷ নগাঁৱত বৰ্তমান ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে ৷ নগাঁৱত সম্প্ৰতি প্ৰায় ১৫ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে ৰাইজলৈ চিকিৎসা সেৱা আগবঢ়াই আহিছে ৷ নতুন নগাঁও নিৰ্মাণত শিক্ষাৰ লগতে চিকিৎসা সেৱাও এক গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰি আহিছে ৷

এইয়া নিশ্চয়কৈ নগাঁও বাসী ৰাইজৰ বাবে এটা ভাল খবৰ ৷ তাহানিৰ দৰে নগাঁওৰ ৰাইজ গুৱাহাটীৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ নিশা হলেই ধাপলি মেলিব লগা পৰিস্থিতি নাই ৷ এতিয়া সৰু সৰু ৰোগৰ পৰা আৰম্ভ কৰি গুৰুত্বৰ তথা জটিল ৰোগ সমূহো আজিৰ দিনত নগাঁৱতে সুন্দৰ ৰূপত অত্যাধুনিক চিকিৎসা পদ্ধতিৰে কৰা হয় ৷

তেওঁ লগতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহৰ নাৰ্ছৰ পৰা আৰম্ভ কৰি কনিষ্ঠ-জ্যেষ্ঠ চিকিৎসক সকলে ৰোগীৰ লগত এটা ভাল সম্পৰ্ক ভাল ব্যৱহাৰ কৰিলে চিকিৎসালয় সমূহত ভৰ্তি হোৱা ৰোগী সকলৰ পঞ্চাশ শতাংশ ৰোগ এই নাৰ্ছ আৰু চিকিৎসক সকলৰ ব্যৱহাৰতেই ভাল হয়, পাছতহে দৰৱপাতি কাম আহে বুলি উল্লেখ কৰে ৷

সেইয়ে ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাৰ লগত জড়িত সকলোকে ৰোগী সকলক ভাল ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই ৷ চিকিৎসা সেৱাৰ ক্ষেত্ৰত নগাঁৱত ব্যক্তিগত খণ্ডৰ চিকিৎসা সেৱাই এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি বিধায়ক গৰাকীয়ে মত পোষণ কৰে ৷

বিশিষ্টা ধৰ্মপ্ৰৰায়ণা মহিলা তথা সমাজসেৱীকা ভোগেশ্বৰী দেৱীয়ে বন্তি প্ৰজ্বলন কৰা আৰু বিধায়ক ৰূপক শৰ্মাই শুভ উদ্বোধন কৰা অনুষ্ঠানটিত হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ অৱসৰপ্ৰাপ্ত সঞ্চালক দীন নাথ, নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ মিহিৰ জ্যোতি গোস্বামী, ডাঃ সৰ্বেশ্বৰ বৰা, ডাঃগোলাপ দত্ত, উপ পৌৰপতি সিমান্ত বৰা, কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ লগতে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ৷

ময়ুৰাক্ষী বৰাৰ বৰগীতৰে শুভউদ্বোধন কৰা অনুষ্ঠানটি আতঁধৰে সাংস্কৃতিক কৰ্মী শংকৰ নাথ আৰু ডাঃ সুৰঞ্জনা নাথে ৷ শূন্যৰ পৰা আৰম্ভ কৰি এটি সপোন দেখাৰ পাছত আজি এই সপোনটো সাৰ্থক হ'ল বুলি চিকিৎসালয়খনৰ স্বতাধিকাৰী ডাঃ জয়প্ৰকাশ নাথে নিজৰ ভাৱ ব্যক্ত কৰে ৷ লগতে তেওঁ আৰু কয় যে, চিকিৎসালয় খনত দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগী সকলৰ ক্ষেত্ৰত চৰকাৰীভাৱে প্ৰদান কৰিব লগীয়া সকলো ধৰণৰ আঁচনিৰে সুবিধা দিয়া হ'ব বুলি জানিব দিছে ৷

উল্লেখ্য যে, অত্যাধুনিক চিকিৎসালয়খনত কেইবাটাও আই চি ইউ, কিটিকেল কেয়াৰ ইউনিত, দুৰ্ঘটনা আদি জৰুৰীকালীন সেৱাৰ ক্ষেত্ৰত বিশেষ সেৱা, মগজুৰ জটিল অস্ত্ৰোপ্ৰচাৰ, শৰীৰৰ বহুকেইটা জটিল পৰীক্ষা নিৰীক্ষা আদি যিবোৰ পৰীক্ষা নিৰীক্ষা কৰিবলৈ নগাঁৱৰ বহু ৰোগী চেন্নাই, দিল্লী, মুম্বাই, হায়দৰাবাদলৈ যাব লগীয়া হৈছিল সেইসমূহ পৰীক্ষা নিৰীক্ষা এতিয়াৰে পৰা নগাঁৱৰ আদিত্য হাস্পতালতে আৰু কম খৰচতে সম্পন্ন কৰিব পৰা যাব । লগতে হাস্পতালখনত বহুকেইজন অভিজ্ঞতা সম্পন্ন চিকিৎসকে সেৱা আগবঢ়াব বুলি জনায় ৷

নগাঁৱত অত্যাধুনিক “আদিত্য হাস্পতাল” মুকলি বিধায়ক ৰূপক শৰ্মাৰ...
জামুগুৰিহাটত আৰ্য্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বিজ্ঞান সমাৰোহ সম্পন্ন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in