আজি কর্ণাটকত বিধানসভা নির্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া...

আজি কৰ্ণাটকত অনুষ্ঠিত হ'ব ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া।

author-image
Asomiya Pratidin
New Update
আজি কর্ণাটকত বিধানসভা নির্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া...

ডিজিটেল ডেস্ক : আজি কৰ্ণাটকত অনুষ্ঠিত হ'ব ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া। ৰাজ্যখনৰ ২২৪ খন আসনৰ বাবে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। ২,৬১৩ গৰাকীৰ প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ভোটাৰে।

Advertisment

ৰাজ্যখনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে হ'বলৈ ইতিমধ্যেই সাজু হৈছে নিৰ্বাচনী আয়োগ। প্রতিটো ভোটগ্রহণ কেন্দ্রত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে প্ৰশাসনে। ভোটগ্রহণ কেন্দ্রই কেন্দ্রই যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে, এই নিৰ্বাচনত কেইবাটাও স্থানীয় দলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও মুখ্যত বিজেপি, কংগ্ৰেছ আৰু জেডি(এছ)ৰ মাজত তিনিমুখী প্ৰতিযোগিতা হোৱাৰ পৰিলক্ষিত হৈছে। যাৰ ফলাফলে ২০২৪ চনৰ দেশৰ লোকসভা নিৰ্বাচনত প্ৰভাৱ পেলোৱাৰ আশংকা কৰা হৈছে।

Also Read: সোণাৰীৰ টিঙালীবাম চাহ বাগিচাত অগ্নিকাণ্ড: জুইত জাহ যায় ১৫ লক্ষাধিক টকাৰ সামগ্রী...

election election commission