
ডিজিটেল ডেস্কঃ বহু প্ৰতীক্ষা আৰু জল্পনা-কল্পনাৰ অন্তত আজি আনুষ্ঠানিক ভাৱে শপতগ্ৰহণ কৰিলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীসহ আন চাৰিজ মন্ত্ৰীয়ে। কংগ্ৰেছৰ শীৰ্ষ নেতাৰ লগতে দেশৰ কেইবাজনো বিৰোধী ৰাজনৈতিক নেতা তথা মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ উপস্থিতিত আজি এই শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে সিদ্দাৰামাইয়াই আৰু উপ-মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যখনৰ কংগ্ৰেছ সভাপতি তথা জনপ্ৰিয় নেতা ডি কে শিৱকুমাৰে শপতগ্ৰহণ কৰে।
বেংগালুৰুৰ কেণ্টাভাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এই শপতগ্ৰহণ অনুষ্ঠানত দেখা গ’ল জনতাৰ অভূতপূৰ্ব আনন্দ উল্লাস। এনে আনন্দ উল্লাসৰ মাজতে আকৌ আৰক্ষীয়ে লাঠিচালনা কৰাৰো এক পৰিৱেশ সূচনা হয়।
উল্লেখ্য যে, এই শপতগ্ৰহণ অনুষ্ঠানত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে, ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীৰ উপৰিও বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখিন্দৰ সিং, পুডুচেৰীৰ মুখ্যমন্ত্ৰী ৰঙ্গস্বামী, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন আদি ।
এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে পূৰ্বৰে পৰা নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছিল যদিও শপতগ্ৰহণ অনুষ্ঠানত অৱশ্যে নিৰাপত্তাৰক্ষীয়ে সমবেত জনতাক নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হয়। ৪০ হাজাৰ জনতাৰ সমাৱেশৰ বাবে অনুমতি দিয়া হৈছিল যদিও এই অনুষ্ঠানত অশংগ্ৰহণৰ বাবে ষ্টেডিয়ামৰ বাহিৰত লাখৰো অধিক লোকৰ সমাগম হয়।
ফলত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। সীমিত সংখ্যক নিৰাপত্তাৰক্ষীয়ে এই লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ উপায়ন্তৰ হৈ এসময়ত লাঠি চালনা কৰিবলগীয়া এক পৰিস্থিতিৰো সূচনা হয়।
ইফালে এই শপতগ্ৰহণ অনুষ্ঠানত পদপিস্থ হৈ আন কেইবাজনো লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। আহত লোকসকলক হাস্পাতালত ভৰ্তি কৰোৱা হৈছে। যোৱা ১০ মে'ত অনুষ্ঠিত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ ১৩ মে'ত ঘোষিত ফলাফলত কংগ্ৰেছে ১৩৫ খন আসন দখল কৰি একক সংখ্যগৰিষ্ঠতা লাভ কৰিছিল। ইয়াৰ বিপৰীতে এই নিৰ্বাচনত শাসনাধিস্ত বিজেপিয়ে লাভ কৰে মাত্ৰ ৬৬ খন আসনহে।