কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত কৃষি কৰ্মৰ ওপৰত বিশেষ সভা...

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত বিজ্ঞানী, কৃষক, শিক্ষাৰ্থীৰ উপস্থিতিত ডাকৰঘাট হাইস্কুল প্ৰাংগনত উখল মাখল পৰিৱেশ। গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ৰ উদ্যোগত প্ৰদৰ্শনী, গ্ৰন্থ উন্মোচন, মুকলি সভা...
কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত কৃষি কৰ্মৰ ওপৰত বিশেষ সভা...

ডিজিটেল সংবাদ, বটদ্ৰৱা : "কৃষিৰ ওপৰতে নিৰ্ভৰশীল আমাৰ অৰ্থনীতি। আমাৰ অন্নমুঠি কৃষকেই যোগান ধৰি আহিছে। দেশৰ অৰ্থনীতিৰ চাৰি ভাগৰ এভাগ কৃষি আৰু আনুসাংগিক উৎসৰ পৰা আহৰণ হয়। সেই বাবে কৃষিত বিজ্ঞান জড়িত হৈ পৰিছে আৰু দেশ এতিয়া কৃষি উৎপাদনত আগবাঢ়িছে"- এই মন্তব্য কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ মুৰব্বী ড০ নিৰঞ্জন ডেকাৰ।

শণিবাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ৰ নগাওঁ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ উদ্যোগত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত নগাঁও জিলাৰ ডাকৰঘাট হাইস্কুল প্ৰাংগনত অনুষ্ঠিত "কৃষি প্ৰদৰ্শনী মেলা"ত আৰম্ভণি ভাষণ প্ৰদান কৰি তেওঁ এই মন্তব্য কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ জীৱ ৰসায়ন, কৃষি ৰসায়ন বিভাগৰ অধ্যাপক তথা গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি নিৰিক্ষণ কোষৰ তত্বাৱধায়ক ড০ ৰঞ্জন কন্দলিয়ে অতিথিৰূপে অংশগ্ৰহণ কৰি কয় "গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ পৰিস্ফূত কৰি অনুষ্ঠানটিৰ সফল ৰূপায়ন হৈছে" বুলি মত প্ৰকাশ কৰে। সমাজৰ বিপুল অভিজ্ঞতাৰ পথাৰত, কৃষক ৰাইজৰ বাস্তৱ অভিজ্ঞতা সামৰি শিক্ষা লৈ এই ছাত্ৰ-ছাত্ৰী সকল আগন্তুক দিনত আগবাঢ়ি যাব।

মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ডঃ পবিত্ৰ বৰদলৈ, গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ আহ্বায়ক ড০ কৌশিক দাসে ভাষণ প্ৰসংগত এই গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ দ্বাৰা কৃষি বিজ্ঞানত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ দ্বাৰা সমাজৰ বাস্তৱ অভিজ্ঞতা অধ্যয়ন আৰু কৃষকৰ সু-সম্পৰ্কৰ বিষয়ে বিশ্লেষণ আগবাঢ়াই। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধিবিদ্যা কোষৰ ভাৰপ্ৰাপ্ত অধ্যাপিকা ড০ অপৰাজিতা বৰা, ডাকৰঘাট হাইস্কুলৰ প্ৰধান শিক্ষক দিলুৱাৰ হুছেইনকে আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত এপাৰ্টৰ পৰামৰ্শদাতা তথা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ ৰাজ্যিক পৰামৰ্শদাতা ড০ অৰুনিমা দেৱচৌধুৰী, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড০ গায়ত্ৰী গোস্বামী কন্দলি, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞা জুলি শৰ্মা, ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথ, কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, মহকুমা কৃষি বিষয়া মিজানুৰ ৰহমানৰ, মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী প্ৰশান্ত ভৰালী, নগাঁও জিলাৰ ডাকৰঘাট, শিয়ালমাৰি, বৰঘাট, কলং গুৰি, কৃষ্ণাইখাট, বৰজহা, দক্ষিণ পাট, তুলসী মুখ আদি বিভিন্ন প্ৰান্তৰ পাঁচ শতাধিক কৃষক ৰাইজ উপস্থিতি থাকে।

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা ভূমি বিজ্ঞান বিভাগ, উদ্যান শস্য বিভাগ, শস্য বিজ্ঞান বিভাগ, উদ্ভিদ ৰোগ বিভাগ, পতংগ তত্ব বিভাগ, থলুৱা প্ৰযুক্তিগত পদ্ধতি বিভাগ, কৃষি বতৰ বিজ্ঞান বিভাগ, গ্ৰাম্য অৰ্থনীতি আৰু কৃষি সম্প্ৰসাৰণ বিভাগ, চাহ পালন প্ৰযুক্তি বিভাগ, কৃষি প্ৰযুক্তি তথ্য কেন্দ্ৰ, মীন পালন বিভাগ, পশু পালন বিভাগৰ উপৰিও কম কৃষি ভূমিৰ আদৰ্শ বাৰী পদ্ধতিৰ এখনি আকৰ্ষণীয় প্ৰদৰ্শনীও অনুষ্ঠিত হয়। গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ শিক্ষাৰ্থী অন্বেষা বৰ্মন আৰু নিশান্ত ভূঞাই আঁত ধৰা অনুষ্ঠানটিত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ৰ নগাঁও কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ হৈ বিলভা লক্ষ্মী দত্তই অনুভৱ বিশ্লেষণ কৰে।

অনুষ্ঠানটিতে গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০২৩ নগাওঁ কেন্দ্ৰৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰকাশিত 'সৃজন' শীৰ্ষক এখনি আলোচনী উন্মোচন কৰ হয়। বিশিষ্ট গীতিকাৰ তফজ্জুল আলীৰ "জীৱনৰ সাগৰতে উৰ্মিৰ লেখ নাই" শীৰ্ষক গীতেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিৰ শেষত শলাগৰ শৰাই আগবঢ়ায় সামূহিক বিজ্ঞান বিশেষজ্ঞা ড০ আছফিকা ইছলামে।

কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ তত্বাৱধানত কৃষি কৰ্মৰ ওপৰত বিশেষ সভা...
ডিব্ৰুগড়ৰ বৰবৰুৱাত আটক দুই আই পি এল জুৱাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in