কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছঃ মোডী, শ্বাহৰ প্ৰচাৰে সহায় নকৰিলে বিজেপক...

কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছঃ মোডী, শ্বাহৰ প্ৰচাৰে সহায় নকৰিলে বিজেপক...

ডিজিটেল ডেস্কঃ কৰ্ণাটকত একক সংখ্যাগৰিষ্ঠ চৰকাৰ গঠনৰ দিশে আগবাঢ়িছে কংগ্ৰেছ । আবেলি ৪ বজালৈ প্ৰায় ৯৯ খন আসনত কংগ্ৰেছে জয় লাভ কৰাৰ বিপৰীতে ১৩৬ খনত অগ্ৰগতি লাভ কৰি আছে।

আনহাতে বিজেপিয়ে ৪৫ খন আসনত জয় লাভ কৰাৰ উপৰি ৬৪ খন আসনত অগ্ৰগতি লাভ কৰিছে। কৰ্ণাটকত বিজেপিৰ হোৱা পৰাজয় মানি লৈছে দলটোৱে। বিজেপি নেতা তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইও পৰাজয় স্বীকাৰ কৰি কয় যে আমি গন্তব্যস্থানত উপনীত হ'ব নোৱাৰিলো।

তেওঁ লগতে কয়, " ফলাফল ওলাই যোৱাৰ পিছত, আমি এক আলোচনাত বহি বিশ্লেষণ কৰিম। ৰাষ্ট্ৰীয় দল হিচাপে বিভিন্ন স্তৰত থকা আমৰ ভুল সমূহ পৰ্যালোচনা কৰি সংশোধন কৰাৰ চেষ্টা কৰিম ।আৰু লোকসভা নিৰ্বাচনত সম্পূৰ্ণ শক্তিৰে যুঁজ দিম।

উল্লেখ্য যে, ১০ মে'ত কৰ্ণাটকত অনুষ্ঠিত হৈছিল কৰ্ণাটকৰ বিধান সভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে কেইবাখনো জনসভাত অংশ লৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি কেইবাগৰাকী জ্যেষ্ঠ নেতাই। অৱশ্যে সম্পূৰ্ণ ফলাফল ঘোষণা হ'বলৈ এতিয়াও বাকী আছে।

কৰ্ণাটকত চৰকাৰ গঠনৰ দিশে কংগ্ৰেছঃ মোডী, শ্বাহৰ প্ৰচাৰে সহায় নকৰিলে বিজেপক...
কৰ্ণাটক বিধানসভা নিৰ্বাচন: ক্ষমতা দখলৰ দিশে অগ্ৰসৰ কংগ্ৰেছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in