নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিনঃ ১০ মে'ত এইখন ৰাজ্যত হ'ব নিৰ্বাচন...

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিনঃ ১০ মে'ত এইখন ৰাজ্যত হ'ব নিৰ্বাচন...

author-image
Asomiya Pratidin
New Update
অসমসহ দেশৰ ৯ ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ দিন ঘোষণা...

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিনঃ ১০ মে'ত এইখন ৰাজ্যত হ'ব নিৰ্বাচন...

ডিজিটেল ডেস্কঃ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে নিৰ্বাচনৰ দিন। অহা ১০ মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন। আনহাতে ভোট গণনা কৰা হ’ব ১৩ মে’ত।

Advertisment

দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে বুধবাৰে ঘোষণা কৰিলে কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনৰ দিন। তেওঁ এই সন্দৰ্ভত ক’লে ৰাজ্যখনত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব নিৰ্বাচন। 

উল্লেখ্য যে, ৰাজ্যখনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৫.২১ কোটি। মুঠ ২২৪ টা বিধানসভা সমষ্টি থকা ৰাজ্যখনত এইবাৰ নতুন ভোটাৰৰ সংখ্যা হৈছে ৯.১৭ লাখ।

মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰে কয়, আমি নিৰ্বাচনক কেন্দ্ৰ কৰি পূৰ্বৰে পৰা এক প্ৰচেষ্টা হাতত লৈছিলো। সেই প্ৰচেষ্টাৰ অংশ হিচাপেই ১ এপ্ৰিলত যিসকলে ১৮ বছৰত ভৰি দিব তেওঁলোকেও ভোটদান কৰাৰ সুযোগ লাভ কৰিব।

ইয়াৰ বাবে আয়োগে আগতীয়াকৈ আৱেদন সংগ্ৰহ কৰিছিল। মন কৰিবলগীয়া যে, ৰাজ্যখনত শাসনাধিস্থ বিজেপি চৰকাৰৰ কাৰ্যকাল অহা ২৪ মে’ত সমাপ্ত হ’ব।

এইবাৰৰ বিধানসভা নিৰ্বাচনত মুখ্যতঃ বিজেপি, কংগ্ৰেছ আৰু জে ডি এছৰ মাজতেই নিৰ্বাচনী যুঁজখন হ’ব। বিগত নিৰ্বাচনত কংগ্ৰেছ আৰু জেডিএছ মিত্ৰতাত আছিল।

কিন্তু এইবাৰ দুয়োটা দলে এই পৰ্যন্ত কোনো মিত্ৰতা স্থাপন কৰা নাই আৰু পৃথকে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ আগ্ৰহ কৰিছে।

Also Read: বেলতলাত জ্যেষ্ঠ নাগৰিকৰ সতী জয়মতী দিৱস পালন...

নিৰ্বাচন আয়োগ নিৰ্বাচন