/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/9c92dae5-9cb3-4bbc-b92a-d60ff9f6c1ae/beltola_29.jpg)
বেলতলাত জ্যেষ্ঠ নাগৰিকৰ সতী জয়মতী দিৱস পালন...
ডিজিটেল সংবাদ গুৱাহাটীঃ ''অসম মাতৃৰ চেনেহৰ জীয়ৰী জয়মতীৰ স্বামীভক্তি বৰ্বৰতাৰ বিপৰীতে বিশ্বব্যাপি অতুলনীয় দৃষ্টান্ত। নিষ্ঠুৰ আৰু নিদাৰুণ আঘাতক নিজৰ ত্যাগৰ বন্তিৰে পৰাভূত কৰি জয়া দেশে বিদেশে ত্যাগৰ শলিতাৰে মহীয়ান হৈ ৰল।"
আজি গুৱাহাটী মহানগৰীৰ বেলতলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ বেলতলাৰ কাৰ্যালয়ৰ আলোচনা গৃহত সতী জয়মতী স্মৃতিচাৰন সভাত বক্তব্য ৰাখি অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ প্ৰধান সম্পাদক প্ৰসন্ন কুমাৰ বৰঠাকুৰে এনেদৰে কয়। ভাষণ প্ৰসংগত বক্তা গৰাকীয়ে অসম বুৰঞ্জীত কেনেদৰে পুৰুষক প্ৰাধান্য দিয়াৰ বিপৰীতে নাৰীক নিদিয়া ঘটনাত দুখ প্ৰকাশ কৰে।
অথচ পুৰুষৰ বাবে মহিলাসকলে জীৱন উৎসৰ্গা কৰা বহু উদাহৰন অসমত আছে বুলি কয়। তেওঁ বেলতলাৰ ত্ৰিপুৰা পথটো সতী জয়মতীৰ নামেৰে নামাকৰণ কৰাৰ বাবে ২০১৫ চনৰ পৰা কৰা ৰাজহুৱা দাবী চৰকাৰে আজিও পূৰন নকৰাত তেওঁ দুখ প্ৰকাশ কৰে।
বেলতলা জ্যেষ্ঠ নাগৰিক চৰাৰ সভাপতি মৃদুল কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সভাৰ আৰম্ভণিতে সুতাপা ভট্টাচাৰ্য আৰু উষা ডেকাই "জয়া নাই জয়া নাই"শীৰ্ষক গীতটি সুললিত কণ্ঠেৰে পৰিবেশন কৰি সমাগত সুধীসমাজৰ মন আলোকিত কৰে। সভাত বিশিষ্ট জ্যেষ্ঠ নাগৰিক ডাঃ বোধেশ্বৰ ৰাজকোঁৱৰে মনোজ্ঞ আলোচনা দাঙি ধৰে।
জনপ্ৰিয় লেখিকা মালাশ্ৰী লস্কৰ বৰাই অসম বুৰঞ্জীৰ আত ধৰি গদাপাণি আৰু জয়মতীৰ বিবাহ সম্বন্ধে বক্তব্য আগবঢ়োৱাৰ লগতে জয়মতীক কেনেদৰে নিৰ্মাণ শাস্তি দিছিল ব্যাখ্যা কৰে। সুলেখিকা তিলোত্তমা গোস্বামী মহন্তই জয়াৰ ত্যাগৰ জীৱন জগতৰ ক্ষেত্ৰত বুৰঞ্জীৰ গুৰুত্বৰ ক্ষেত্ৰত আক্ষেপ কৰে।
সভাপতি মৃদুল কুমাৰ বৰুৱাই ভাষণ প্ৰসংগত আগত বছৰত "সতী জয়মতী "দিৱস বিস্তাৰিত ৰূপত পালন কৰাৰ কথা ঘোষণা কৰাৰ পিছতে সমাগত সকলে সভা শুৱনি কৰাৰ বাবে সদৌটিলৈ শলাগৰশৰাই আগবঢ়ায় সম্পাদক জীতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে।
Also Read: অখিল গগৈ, কংগ্ৰেছৰ দুই বিধায়কক দিনটোৰ বাবে বিধানসভাৰ পৰা বহিষ্কাৰ...