শীৰ্ষ ন্যায়ালয়ৰ ৰায়ে প্ৰমাণ কৰিলে জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰই লোৱা সিদ্ধান্ত সম্পূৰ্ণ সাংবিধানিকঃ শ্বাহ

শীৰ্ষ ন্যায়ালয়ৰ ৰায়ে প্ৰমাণ কৰিলে জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰই লোৱা সিদ্ধান্ত সাংবিধানিকঃ শ্বাহ

author-image
Asomiya Pratidin
New Update
শীৰ্ষ ন্যায়ালয়ৰ ৰায়ে প্ৰমাণ কৰিলে জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰই লোৱা সিদ্ধান্ত সম্পূৰ্ণ  সাংবিধানিকঃ শ্বাহ

ডিজিটেল ডেস্কঃ সোমবাৰে উচ্চতম ন্যায়ালয়ত এক গুৰুত্বপূৰ্ণ ৰায়দান হয়। জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰা সিদ্ধান্তক বৈধতা প্ৰদান কৰে ন্য়ায়ালয়ে। ১৬ দিন ধৰি চলা শুনানিৰ অন্তত ৫ জনীয়া বিচাৰপীঠে গ্ৰহণ কৰে এই সিদ্ধান্ত।

উচ্চতম ন্যায়ালয়ৰ অনুচ্ছেদ ৩৭০ ৰ ওপৰত ৰায় দানৰ পূৰ্বে বিশিষ্ট অধিবক্তা কপিল চিব্বলে কয় যে, কিছুমান যুঁজ দিয়া হয় পৰায়জ হবলৈয়ে। সামাজিক মাধ্যমত এই পোষ্ট কৰে অধিবক্তা গৰাকীয়ে।

উল্লেখ্য যে, ২০১৯ চনত জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল অনুচ্ছেদ ৩৭০। তাৰপাছতে জম্মু-কাশ্মীৰে হেৰুৱা মৰ্যদা ঘূৰাই দিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল। আৱেদনকাৰীসকলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল, গোপাল সুব্ৰমনিয়াম, ৰাজীৱ ধৱন, জাফৰ শ্বাহ, দুষ্মন্ত দাৱে আৰু অন্যান্যসকলে।

আনহাতে উচ্চতম ন্যায়ালয়ৰ ৰায়দান সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, উচ্চতম ন্যায়ালয়ৰ ৰায়ে এয়া প্ৰমাণ কৰি দিছে যে জম্মু-কাশ্মীৰক লৈ কেন্দ্ৰই লোৱা সিদ্ধান্ত সম্পূৰ্ণ সাংবিধানিক। ছ'চিয়েল মিডিয়াৰ জৰিয়তে শ্বাহে ন্যায়ালয়ৰ সিদ্ধান্তক আদৰণি জনায়।

ন্যায়ালয়ে আজি ৰায় দান কৰি কয় যে আগন্তুক বৰ্ষৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব লাগে। শীৰ্ষ ন্যায়ালয়ে কেন্দ্ৰ শাসিত জম্মু-কাশ্মীৰক অতি সোনকালেই ৰাজ্যৰ মৰ্যদা দিবলৈ নিৰ্দেশ দিয়ে।

Also Read: বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম

Jammu Kashmir