
ডিজিটেল ডেস্কঃ প্ৰত্যক্ষ ৰাজনীতিত খোজ পেলাব পাৰে বলিউডৰ অভিনেত্ৰী কংগনা ৰাণাৱতে। শুকুুৰবাৰে এই সন্দৰ্ভত এক ইংগিত দিয়ে অভিনেত্ৰীগৰাকীয়ে। ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পালে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি তেওঁ কয়।
আজি অভিনেত্ৰীগৰাকীয়ে কৃষ্ণৰ বিখ্যাত দ্বাৰকাধিশ মন্দিৰত প্ৰাৰ্থনা কৰিবলৈ উপস্থিত হৈছিল। সেই সময়তে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাণাৱতে কয় যে, যদি ভগৱান শ্ৰীকৃষ্ণই আশীৰ্বাদ কৰে, মই লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াম।
কংগনাই বিজেপিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে। অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবে বিজেপিয়ে লোৱা পদক্ষেপৰ শলাগ লয় অভিনেত্ৰীগৰাকীয়ে। তেওঁ কয়, সনাতন ধৰ্মৰ পতাকা সমগ্ৰ বিশ্বতে উত্তোলন কৰা উচিত।
তীৰ্থযাত্ৰীসকলে যাতে সাগৰৰ তলত ডুব যোৱা দ্বাৰকা চহৰৰ অৱশেষ পৰিদৰ্শন কৰিব পাৰে তাৰ বাবে সুবিধা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনায়।
উল্লেখ্য যে, বিভিন্ন সময়ত বিতৰ্কৰ মাজত থাকে অভিনেত্ৰী কংগনা ৰাণাৱত। বিজেপিৰ সৈতে জড়িত থকা অভিনেত্ৰীগৰাকীৰ জনপ্ৰিয়তা বিগত সময় সমূহত কিছু পৰিমাণে লাঘৱ হৈছে। যোৱা কেইবাবছৰ ধৰি অভিনেত্ৰীগৰাকীৰ ছবিয়ে ভাল আয় কৰিবলৈ সক্ষম হোৱা নাই। তাৰ মাজতে এতিয়া অভিনেত্ৰীগৰাকীয়ে প্ৰত্যক্ষ ৰাজনীতিত অংশগ্ৰহণ কৰাৰ মন মেলিছে।