ফুলনিত শোকাৱহ পথ দুৰ্ঘটনাত, থিতাতে নিহত এজন

ফুলনিত শোকাৱহ পথ দুৰ্ঘটনাত, থিতাতে নিহত এজন
ফুলনিত শোকাৱহ পথ দুৰ্ঘটনাত, থিতাতে নিহত এজনroad accident

ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিল উপ আৰক্ষী চকীৰ অন্তৰ্গত ফুলনিৰ চাৰি লেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ ফুলনি বন বিষয়া কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ।জানিব পৰা মতে ডিফু দিশৰ পৰা নগাঁও অভিমুখে আহি থকা AS-02D-6353 নম্বৰযুক্ত এখন এল্টো বাহনে ফুলনিৰ পৰা লাংহিন অভিমুখে একেটা দিশৰে গৈ থকা AS-25-BC-8489 নম্বৰযুক্ত এখন টেম্পু বাহনক পিছ ফালৰ পৰা প্ৰচণ্ডজোৰে খুন্দা মৰাৰ ফলত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয় ।

দুৰ্ঘটনাত থিতাতে নিহত হয় টেম্পু চালকজন । নিহতজন জাইপঙৰ পইচা ইংতি গাঁৱৰ নিৱাসী ধনছিং ইংতি বুলি চিনাক্ত হৈছে। আনহাতে ঘটনাত ধনছিং ইংতিৰ পত্নীসহ আন এগৰাকী মহিলা গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় ।দুয়োকে ফুলনি প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

ইতিমধ্যে নিহত জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

ফুলনিত শোকাৱহ পথ দুৰ্ঘটনাত, থিতাতে নিহত এজন
সাপৰ বিহ আৰু বিদেশী যুৱতী সৰবৰাহ! এজাহাৰ বিগবছ অটিটি-২ ৰ বিজেতাৰ বিৰুদ্ধে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in