কংগ্ৰেছ এৰি বিজেপিলৈ যাব নেকি মধ্য়প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ?

কমলনাথ
কমলনাথ

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচন সমাগত। ইয়াৰ পূৰ্বে দেশৰ ৰাজনীতিত অব্যাহত আছে দল বাগৰা নীতি। বহু নেতাই ইতিমধ্যে দল ত্যাগ কৰি যোগদান কৰিছে বিজেপিত। কংগ্ৰেছৰ বহু নেতাই ইতিমধ্যে বিজেপিত যোগদান কৰাৰ মাজতে নাম ওলাইছে কমলনাথৰ।

বিগত কেইটামান দিন ধৰি এক খবৰ প্ৰচাৰ হৈছিল যে মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ বিশিষ্ট নেতা কমলনাথে যোগদান কৰিব পাৰে বিজেপিত। কিন্তু এই বাতৰি খাৰিজ কৰে কমলনাথে। তেওঁ কয় যে, ''বিজেপিৰ লগত মোৰ একো কথা হোৱা নাই''।

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে কমল নাথৰ বিষয়ে কৈছিল যে তেওঁ বিজেপিত যোগদান নকৰে। আনহাতে মধ্য প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ জিতু পাটৱাৰীয়ে কমল নাথৰ বিষয়ে চলি থকা আলোচনা 'সংবাদ মাধ্যমৰ অপব্যৱহাৰ' বুলি অভিযোগ তুলিছিল। তেওঁ কৈছিল যে, যোৱা চাৰি-পাঁচ দিন ধৰি কমলনাথৰ বিৰুদ্ধে যড়যন্ত্ৰ চলি আছে। তেওঁ বিজেপিলৈ যোৱা বুলি দৃষ্ট চক্ৰই বাতৰি প্ৰকাশ কৰিছে। এয়া সংবাদ মাধ্যমৰ অপব্যৱহাৰ । এয়া কেৱল এজন ব্যক্তিৰ সততাক আঘাত কৰাৰ বাবে ষড়যন্ত্ৰ কৰা হৈছিল।

উল্লেখ্য যে, শেহতীয়া বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশত কংগ্ৰেছে পৰাজয় লাভ কৰাৰ পাছত কমলনাথত প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা অপসৰন কৰা হৈছিল। তাৰ বিপৰীতে জিতু পাটৱাৰীক কংগ্ৰেছৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছিল। গতিকে অধ্যক্ষ পদৰ পৰা অপসৰন আৰু ৰাজ্যসভাত আসন লাভ নকৰাৰ বাবে কমলনাথ ক্ষোভিত আছিল বুলি ধাৰণা কৰা হৈছিল। যাৰ বাবে তেওঁ বিজেপিত যোগদান কৰিব পাৰে বুলি চৰ্চা চলিছিল।

কমলনাথ
বিজেপিক সমৰ্থন কৰিলে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জেলত থাকিব নালাগিলহেতেনঃ কেজৰিৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in