/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/494b590b-d6a5-4779-80c8-506fef895c6d/gffff.jpg)
ডিজিটেল ডেস্কঃ দিল্লীস্থ বেচৰকাৰী সংস্থা মাই হোম ইণ্ডিয়া আৰু নৰ্থ ইষ্ট মিডিয়া ফোৰামৰ যৌথ উদ্যোগত সোমবাৰে নতুন দিল্লীত 'কল্যাণ বৰুৱা বঁটা' প্ৰদান কৰা হয়। প্ৰয়াত সাংবাদিক কল্যাণ বৰুৱাৰ স্মৃতিত তেওঁৰ ওপজা দিনত কনষ্টিটিউচন ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোনোৱালে বৰুৱাৰ আপোচবিহীন সাংবিদিকতাৰ কথা দাঙি ধৰি তেওঁৰ স্মৃতি ৰোমন্থন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/012637c2-abc6-4470-ab25-263bbe5135d2/ccc574bf_5bf2_45e9_9b69_d3bf8043ece6.jpg)
উত্তৰ-পূৱৰ তথা উত্তৰ-পূৱকলৈ সাংবাদিকতা কৰা সাংবাদিক সকলৰ বাবে প্ৰযোজ্য মুঠ পাঁচটা শীতানত প্ৰথম বাৰৰ বাবে আজি বঁটা প্ৰদান কৰা হয়। ২০২৩ চনৰ 'জীৱনজোৰা সাধনা বঁটা' লাভ কৰে জ্যেষ্ঠ সাংবাদিক তথা অধুনালুপ্ত 'নৰ্থইষ্ট ছান' আলোচনীৰ কাৰ্যকৰী সম্পাদক দীপক দেৱানে।
আনহাতে 'প্ৰিন্ট মিডিয়া' শীতানত অৰুণাচল প্ৰদেশৰ স্বনিয়োজিত (ফ্ৰিলান্স) সাংবাদিক ৰঞ্জু ডোডুম, 'ইলেকট্ৰনিক মিডিয়া' শীতানত নিউজ ১৮ অসমৰ সহযোগী সম্পাদক পাৰ্থ জ্যোতি বৰা, 'ফটোগ্ৰাফি' শীতানত স্বনিয়োজিত অসমৰ ক্ৰীড়া সাংবাদিক গীতিকা তালুকদাৰ আৰু 'ভিডিঅগ্ৰাফি' শীতানত নৰ্থইষ্ট লাইভৰ চিকিমৰ সাংবাদিক বিনোদ তামাঙে ২০২৩ চনৰ 'কল্যাণ বৰুৱা বঁটা' লাভ কৰে।
এওঁলোকক বটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণাৱালকে ধৰি মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰ, সাংবাদিকতাৰ বাবে উতসৰ্গিত ভাৰতৰ একমাত্ৰ বিশ্ববিদ্যালয় হিচাপে মাখল লাল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কে জি সুৰেশ আৰু নৰ্থ ইষ্ট মিডিয়া ফোৰামৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱাই। অনুষ্ঠানত তিনজনীয়া নিৰ্বাচক মণ্ডলী ক্ৰমে জ্য়েষ্ঠ সাংবাদিক আশীষ গুপ্ত, চলচিত্ৰ নিৰ্মাতা তথা সমালোচক উৎপল বৰপুজাৰী আৰু জ্যেষ্ঠ সাংবাদিক চি কে নায়ককো সম্বৰ্ধনা জনোৱা হয়।
অনুষ্ঠানত মাই হোম ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সুনীল দেওধৰে আজি উত্তৰপূৰ্বাঞ্চলৰ সৈতে থকা তেওঁৰ নিবিড় সম্পৰ্কৰ কথা দাঙি ধৰি একমাত্ৰ উত্তৰপূৰ্বাঞ্চলৰ বাবে প্ৰযোজ্য কল্যাণ বৰুৱা সাংবাদিক বঁটা প্ৰতিবছৰ প্ৰয়াত সাংবাদিকজনৰ ওপজা দিনত অৰ্থাত ১১ ডিচেম্বৰত দিল্লীত প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/6de994cf-1824-40c5-b9d9-89324e33b67f/807769eb_2802_457d_9598_1b1173c3209b.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/72c378d2-16cb-4e95-8588-aecece1719b3/9e61a9b5_e407_4e71_86ac_8844e99af169.jpg)
আনহাতে নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সভাপতি সঞ্জীৱ কুমাৰ বৰুৱাই কোভিডত অকালে প্ৰাণ হেৰুৱা সাংবাদিকজনৰ জীৱনৰ ওপৰত আলোকপাত কৰে। আনহাতে অনুষ্ঠানৰ অন্যতম আয়োজক হিচাপে আগভাগ লোৱা নৰ্থ ইষ্ট মিডিয়া ফৰামৰ সাধাৰণ সম্পাদক প্ৰাঞ্জল প্ৰতীম দাসে অনুষ্ঠানটোৰ সফলতাৰ বাবে মাই হোম ইণ্ডিয়াকে ধৰি ফোৰামৰ সদস্যসকলক ধন্যবাদ জনায়।
Also Read: ছোনিয়া-ৰাহুল গান্ধীয়ে উত্তৰ দিব লাগে জব্দ হোৱা টকা ক'ৰ পৰা কেনেকৈ লুণ্ঠন কৰা হ'লঃ জেপি নাড্ডা