ছোনিয়া-ৰাহুল গান্ধীয়ে উত্তৰ দিব লাগে জব্দ হোৱা টকা ক'ৰ পৰা কেনেকৈ লুণ্ঠন কৰা হ'লঃ জেপি নাড্ডা

বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে যোৱা ৪ দিন ধৰি আয়কৰ বিভাগে অভিযান চলাই আছে।

author-image
Asomiya Pratidin
New Update
ছোনিয়া-ৰাহুল গান্ধীয়ে উত্তৰ দিব লাগে জব্দ হোৱা টকা ক'ৰ পৰা কেনেকৈ লুণ্ঠন কৰা হ'লঃ জেপি নাড্ডা

ডিজিটেল ডেস্কঃ কংগ্ৰেছ সাংসদ ধীৰাজ প্ৰসাদ চাহুৰ পৰিয়ালৰ মালিকাধীন বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে যোৱা ৪ দিন ধৰি আয়কৰ বিভাগে অভিযান চলাই আছে। বৰ্তমানলৈকে জব্দ হোৱা ধনৰ পৰিমাণ ৩৫১ কোটি টকা। এতিয়াও অব্য়াহত আছে নোট গণনা প্ৰক্ৰিয়া।

Advertisment

এই ঘটনাৰ বিৰুদ্ধে দেশৰ বিভিন্ন স্থানত বিৰোধ প্ৰদৰ্শন কৰিছে বিজেপিয়ে। সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ নেতৃত্বত দলৰ সাংসদসকলে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ পৰা জব্দ হোৱা ধনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

বিজেপিয়ে কয় যে জব্দ হোৱা এই ধনৰ পৰিমাণে প্ৰমাণ কৰি দিছে যে বিৰোধী দলৰ দুৰ্নীতি ডিঙি ডুবি গৈছে। জেপি নাড্ডাই কয় যে, দুৰ্নীতিৰ কু-কাণ্ডৰ এয়া মাত্ৰ এক সৰু অংশ। ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয় উত্তৰ দিব লাগে এয়া কাৰ টকা আৰু কেনেকৈ লুণ্ঠন কৰা হ'ল।

মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওচৰত প্ৰতিবাদ কৰে বিজেপিয়ে। হাতত প্লেকাৰ্ড লৈ থকা সাংসদসকলে চাহুক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। জানিব পৰা মতে এতিয়ালৈকে কোনো বিভাগে ইমান বেছি টকা জব্দ কৰা নাই। এয়া সৰ্বাধিক।

নাড্ডাই কয় যে, কংগ্ৰেছ দল আৰু দুৰ্নীতি একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। কংগ্ৰেছ দুৰ্নীতি, কমিছন আৰু অপৰাধৰ বাবে জনাজাত। দুৰ্নীতি আৰু অপব্যৱহাৰ হৈছে কংগ্ৰেছৰ ৰণনীতি।

লগতে তেওঁ কয় যে, কেন্দ্ৰীয় সংস্থাসমূহৰ ওপৰত বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়ে এতিয়া দুৰ্নীতি কৰি লুণ্ঠন কৰা টকাৰ ওপৰতো উত্তৰ দিব লাগে।

নাড্ডাই কয় যে, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। বিজেপিয়ে তেতিয়াহে স্বস্তিৰ নিশ্বাস পেলাব যেতিয়া সকলো দুৰ্নীতিগ্ৰস্তক কাৰাগাৰৰ ভিতৰত ৰখা হ'ব।

Also Read: জম্মু-কাশ্মীৰঃ চাকিৰ আৰু বিধানসভাত আসন সংৰক্ষণ সম্পৰ্কিত দুই বিধেয়কত ৰাজ্যসভাৰ অনুমোদন

bjp congress