/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e886fb05-2aaa-4608-bbcd-2b15b81b827b/AP_FOR_WEB_hemant.jpg)
ডিজিটেল ডেস্কঃ ধন কেলেংকাৰী গোচৰত আজি ইডি কাৰ্যালয়ত হাজিৰ হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেন। মুখ্যমন্ত্ৰী গৰাকীৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱণা অধিক। জানিব পৰা মতে যদি তেওঁ গ্ৰেপ্তাৰ হয় তেন্তে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হ'ব পত্নী কল্পনা চোৰেন। এই সন্দৰ্ভত সকলো পৰিকল্পনা ইতিমধ্যে বিধায়কসকলক জনাইছে তেওঁ।
অৱশ্যে এই ক্ষেত্ৰত এতিয়াও আনুষ্ঠানিকতা কৰা হোৱা নাই। এই মাহৰ আৰম্ভণিতে বিজেপি সাংসদ নিশিকান্ত ডুবে দাবী উত্থাপন কৰি কৈছিল এই কথা কিন্তু মুখ্যমন্ত্ৰীয়ে নিজেই ইয়াক প্ৰত্যাখ্যান কৰিছিল। লগতে তেওঁৰ পত্নীয়ে ভৱিষ্যতে নিৰ্বাচন খেলাৰ কথাও অস্বীকাৰ কৰিছিল।
কল্পনা চোৰেন বিধায়ক নহয়। গতিকে যদিহে তেওঁক মুখ্যমন্ত্ৰীৰ পদ দিয়ে তেন্তে কিছুদিনৰ ভিতৰতে উপ-নিৰ্বাচন অনুষ্ঠিত কৰি জয়ী হ'ব লাগিব। ইয়াত আৰু এটা সমস্যা আছে যে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী কাৰ্যকাল শেষ হ'বলৈ বহু কম সময় আছে। গতিকে উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱণা কম আছে।
তদুপৰি নিৰ্বাচনত কল্পনা চোৰেনৰ জয়ী হোৱাৰ সম্ভাৱণা কম। যদি কল্পনা চোৰেনৰ নামত আনসকল সন্মত নহয়, তেন্তে জ্যেষ্ঠ নেতা চম্পাই সোৰেনৰ নাম মুখ্যমন্ত্ৰী পদৰ বাবে দিয়াৰ সম্ভাৱণা আছে।
গতিকে এতিয়া মাঁথো সময়লৈ অপেক্ষা। ইডিয়ে হেমন্ত চোৰেনক গ্ৰেপ্তাৰ কৰে নে নাই, আৰু যদি গ্ৰেপ্তাৰ হয় তেন্তে ঝাৰখণ্ডৰ ৰাজনীতিৰ পৰৱৰ্তন হ'ব লক্ষণীয়।
Also Read: কলেজ শিক্ষক সন্থালৈ বিনম্ৰতাৰে এক অনুৰোধ...