কলেজ শিক্ষক সন্থালৈ বিনম্ৰতাৰে এক অনুৰোধ...

কলেজ শিক্ষক সন্থালৈ বিনম্ৰতাৰে এক অনুৰোধ...

সকলো শিক্ষকেই একেই নহয়। হয়তো গৰিষ্ঠ সংখ্যক শিক্ষকেই দায়িত্বশীল, অধ্যয়নশীল। কিন্তু একাংশ শিক্ষক ইমানেই অ-দায়িত্বশীল যে তেওঁলোকৰ কৰ্মৰ ফল আৰু উত্থাপিত অভিযোগৰ পৰিনাম আন শিক্ষক সমাজে ভোগ কৰিবলগীয়া হয়।

সমস্য়া সকলোৰে থাকে। সেই সমস্যাৰ বিৰুদ্ধে একত্ৰিত হৈ প্ৰতিবাদ বা অধিকাৰৰ বাবে যুঁজ কৰাতো বেয়া নহয়। কিন্তু সেই যুঁজৰ নেতৃত্ব ল'বলৈ গৈ মূল দায়িত্বলৈ চূড়ান্তভাৱে পিঠি দিয়াতো এক সামাজিক অপৰাধ।

এজন কলেজ শিক্ষকৰ ওপৰত বহু ছাত্ৰৰ ভৱিষ্যৎ নিৰ্ভৰশীল হৈ থাকে। যদি শিক্ষকজনে শিক্ষক সমাজৰ নেতৃত্ব বহন কৰি সেই দায়িত্বক আওকান কৰে তেন্তে সেই পদবীত তেওঁ থকাৰ প্ৰয়োজনেই বা কি।

ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত কৰ্মৰত এজন অধ্যাপকৰ কথা। তেওঁ কৰ্মৰত মহাবিদ্যালয়খনৰ অধ্যক্ষই ১৩-১২-২০২৩ ত এখন পত্ৰ লিখিছিল কাহিলীপাৰাৰ উচ্চ শিক্ষা সঞ্চালয়কলৈ।

ৰেফাৰেন্স নং- THBC/2023-24/RTI-116/96 নম্বৰৰ পত্ৰখন এখন সাধাৰণ পত্ৰ নাছিল। উচ্চ শিক্ষা সঞ্চালকালয়ৰ উপসঞ্চালক জয়ৰাম হাজৰিকাৰে সম্বোধন কৰি তেওঁ কেইটামান তথ্য় এই পত্ৰখনত উল্লেখ কৰিছিল।

প্ৰথম তথ্যত মহাবিদ্যালয়খনৰ অধ্যক্ষই জনাইছিল যে ২০২২-২৩ বৰ্ষত মহাবিদ্যালয় খোলা থকা মুঠ দিনৰ সংখ্যা আছিল ২৫৭ দিন। এই দিনবোৰৰ ভিতৰত ড০ জয়ন্ত বৰুৱা নামৰ তেওঁৰ মহাবিদ্য়ালয়ত কৰ্মৰত কলেজ শিক্ষকজন মুঠ ১৫৪ দিনহে মহাবিদ্যালয়খনত উপস্থিত আছিল। বাকী ১০৩ দিন অনুপস্থিত আছিল এইগৰাকী শিক্ষক।

অৱশ্যে তেওঁ ১২ দিন চিএলকে ধৰি ৫ দিন আন ছুটীসহ ১৭ দিন ছুটীত থকা ধৰিলেও বাকী কেইদন অ-কৰ্তৃত্বশীলভাৱে অনুপস্থিত আছিল। শিক্ষকগৰাকীয়ে নিজা উদ্যোগত দুমাহৰ বাবে নিজেই দৰমহা দি এজন টিউটৰ পাঠদানৰ বাবে নিযুক্তি দিছিল।

২০২৩-২৪ বৰ্ষৰ ১৫ নৱেম্বৰলৈকে কলেজ খোলা থকা ২০০ দিনৰ ভিতৰত এইগৰাকী শিক্ষক ১২৮ দিন মহাবিদ্যালয়খনত উপস্থিত আছিল যদিও ৭২ দিন তেওঁ কলেজলৈ যোৱা নাছিল। সেই বছৰো তেওঁ মুঠ ১৭ দিন প্ৰাপ্য ছুটী ল'লেও বাকী কেইদিনৰ বাবে এজন টিউটৰ নিযুক্তি দিছিল নিজাকৈ।

সাধাৰণতে তলৰ পৰ্যায়ৰ বিদ্যালয় সমূহত এই ধৰণৰ কাণ্ড দেখা পোৱা যায়। নিয়মিত চৰকাৰী শিক্ষকে নিজেই স্কুলত উপস্থিত নাথাকি ভাড়াতীয়া শিক্ষকক নিযুক্তি দি পাঠদান কৰা উদাহৰণ আছে।

এজন কলেজ শিক্ষকে লাখ টকাৰ ওপৰত দৰমহা লয়। গতিকে তেওঁ ৭-৮ হাজাৰ টকা দি কোনো এগৰাকী টিউটৰক নিযুক্তিৰে শিক্ষকৰ নামত পাল মৰা কাম এটা সংঘটিত কৰে। এয়া অতি চিন্তনীয় আৰু দুৰ্ভাগ্যজনক।

ডিমৰীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক হিমাংশু মড়লৰ বিৰুদ্ধেও অনুৰূপ অভিযোগ উত্থাপিত হৈছিল। এই সন্দৰ্ভত ২২ জুলাই ২০২৩ ত অসমৰ মুখ্যমন্ত্ৰীৰ হাতত এখন অভিযোগ পত্ৰও দাখিল কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ ভিত্তিত ০২-০৯-২০২৩ ত উচ্চ শিক্ষা সঞ্চালকালয়ে এই কলেজ শিক্ষকগৰাকীক অনিৰ্দিষ্ট কাললৈ বাধ্যতামূলক ছুটী দিছিল।

কলেজ শিক্ষকসকলে কিয় এনে কৰে? যিগৰাকী ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষকে এনে কৰিছিল তেওঁৰ আন এক পৰিচয় আছে। সেয়া হ'ল কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক আছিল তেওঁ।

আনহাতে ডিমৰীয়াৰ মড়ল উপাধিধাৰী শিক্ষকগৰাকী আছিল কলেজ শিক্ষক সন্থাৰ সভাপতি। সেই ক্ষমতাৰ বাবে উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান এটাত কাকো কেৰেপ নকৰি ইচ্ছা অনুসৰি তেওঁলোক উপস্থিত আছিল। তেওঁলোকৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যততকৈ যেন সন্থাৰ বিষয়বাবহে গুৰুত্বপূৰ্ণ কথা।

ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ ইতিমধ্যে প্ৰৱৰ্তিত হৈছে। শিক্ষকসকলৰ দায়িত্ব বাঢ়িছে। তেনে সময়ত নতুন পাঠ্যক্ৰম আৰু শিক্ষণ পদ্ধতিত গুৰুত্ব নিদি এইসকল শিক্ষকে ছাত্ৰ-ছাত্ৰীৰ প্ৰতি চৰম অন্যায় সাধিছে।

হয় তেওঁলোকে বিভিন্ন কাৰণত, বিভিন্ন সভা-সমিতিলৈ যাব লাগে। প্ৰয়োজন হ'লে নিয়ম অনুসৰি যদি চৰকাৰৰ অনুমতি আছে তেনেহ'লে এনে দায়িত্বভাৰ লৈ তেওঁলোকে এই কামতে মনোনিবেশ কৰক।

এফালে কলেজৰ শিক্ষক হৈ থাকি সভা-সমিতি ঘূৰি-ফুৰি ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ ধ্বংস যজ্ঞ পাতি এনে কৰাতো কোনো কাৰণতেই সমৰ্থনযোগ্য় হ'ব নোৱাৰে। ৩০ জানুৱাৰী ২০২৪ ত অসম কলেজ শিক্ষক সন্থাৰ ৬৮ সংখ্যক বাৰ্ষিক অধিবেশন অনুষ্ঠিত হ'ল। ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এই অধিবেশনৰ অন্তিম দিনটোত পুনৰ এই সন্থাৰ কৰ্মকৰ্তাসকলক নিৰ্বাচিত কৰা হ'ল।

সেই অনুসৰি অসম কলেজ শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক, কলেজত অধিক দিন উপস্থিত নাথাকি অভিলেখ গঢ়া ড০ জয়ন্ত বৰুৱা নামৰ শিক্ষকগৰাকী এইবাৰ সন্থাৰ সভাপতি নিৰ্বাচিত হ'ল।সম্পাদক পদত বিজয়ী হ'ল পৰাগ জ্যোতি মহন্ত।

এতিয়া আকৌ তেওঁ এই পদবীৰ দোহাই দি কলেজত উপস্থিত নথকাৰ সম্ভাৱণাই অধিক। শিক্ষা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে এইবাৰ নিশ্চয় এই দিশত চকু ৰাখিব। তেওঁ কি দায়িত্ব লৈছে সেয়া তেওঁ ব্যক্তিগত কথা। তেওঁ যে এগৰাকী শিক্ষক সেয়াহে সমাজৰ বাবে প্ৰাথমিক বিষয়।

অসম কলেজ শিক্ষক সন্থাৰ সৈতে জড়িত দায়িত্বশীল শিক্ষকসকলে অন্তত বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰা উচিত। এনে এক প্ৰৱণতা এচাম বিষয়ববীয়াৰ মাজত আগৰ পৰাই চলি আহিছে। সেই পৰম্পৰা অৱসান ঘটিব লাগে। মূল দায়িত্ব পালন কৰি তেওঁলোকে আন দায়িত্ব গ্ৰহণ কৰক তাত ক'ব লগা কাৰোৱেই একো নাথাকে। কিন্তু এই দায়িত্ব লৈ অ-দায়িত্বশীল শিক্ষকৰ পৰিচয় দিলে তাৰ চেকা কিন্তু সকলো শিক্ষকৰ গাতেই লাগে।

কলেজ শিক্ষক সন্থালৈ বিনম্ৰতাৰে এক অনুৰোধ...
তেওঁলোক আছে মানে দেশ কুশলে আছেঃ থমকি নৰয় মূৰত পাহাৰ খহিলেও !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in