CBI, Justice Ujjal Bhuyan: ন্যায়াধীশ উজ্জল ভূঞাই ক'লে- 'সঁজাত বন্দী ভাটৌ' নহয় মুক্ত বিহংগ হওঁক CBI

অৰবিন্দ কেজৰিৱালৰ জামিন প্ৰদান কৰি ন্যায়াধীশ উজ্জল বৰাই চি বি আইক দিলে দায়িত্ববোধৰ পাঠ
CBI, Justice Ujjal Bhuyan: ন্যায়াধীশ উজ্জল ভূঞাই ক'লে- 'সঁজাত বন্দী ভাটৌ' নহয় মুক্ত বিহংগ হওঁক CBI
CBI, Justice Ujjal Bhuyan: ন্যায়াধীশ উজ্জল ভূঞাই ক'লে- 'সঁজাত বন্দী ভাটৌ' নহয় মুক্ত বিহংগ হওঁক CBI
Published on
Updated on

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ চি বি আই (CBI) আজি তীক্ষ্ণ সমালোচনাৰ সন্মুখীন হ'ল উচ্চতম ন্যায়ালয়ৰ মজিয়াত। যোৱা ৫ ছেপ্টেম্বৰত শুনানি সমাপ্ত হোৱা অৰবিন্দ কেজৰিৱাল (Arvind Kejriwal) ৰ জামিনৰ ৰায় আজি ঘোষণা কৰি চি বি আইক তীব্ৰ কটাক্ষ কৰিলে উচ্চতম ন্যায়ালয়ে

ন্যায়াধীশ উজ্জল ভূঞা (Justice Ujjal Bhuyan)ই এই ৰায় ঘোষণা কৰাৰ সময়তে চি বি আইক সোঁৱৰাই দিলে ১১ বছৰ পূৰ্বে ন্যায়ালয়ত কিদৰে সমালোচনাৰ সন্মুখীন হৈছিল চি বি আই। তেওঁ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোক সঁজাত বন্দী ভাটৌৰ পৰিবৰ্তে মুক্ত বিহংগ হ'বলৈ পৰামৰ্শ দিছে। ন্যায়াধীশ উজ্জল ভূঞাৰ এনে তীক্ষ্ণ আৰু চোকা সমালোচনা এতিয়া দেশজুৰি চৰ্চাৰ বিষয়।

চি বি আইৰ বিৰুদ্ধে পক্ষপাত তথা ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত কাম-কাজৰ অভিযোগ নতুন কথা নহয়। সেই অভিযোগক নতুন মাত্ৰা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয় (Supreme Court Of India) ৰ আজিৰ ভাষ্যই।

অৰবিন্দ কেজৰিৱালক চৰ্ত সাপেক্ষে ২০ লাখ টকাৰ বণ্ডত জামিন প্ৰদান কৰি ন্যায়াধীশ উজ্জল ভূঞাই চি বি আইক সমালোচনা কৰি কয়, চি বি আইয়ে স্বচ্ছতাৰে তদন্ত কৰা নাই। সাধাৰণ জনতাৰ মনত ধাৰণা হৈছে চি বি আই সঁজাত বন্দী ভাটৌ। সেই ধাৰণা সলনি কৰি চি বি আইয়ে মুক্ত হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰা উচিত।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশগৰাকীয়ে পুনৰ কয়, চি বি আই দেশৰ শীৰ্ষ তদন্তাকাৰী সংস্থা। চি বি আই কেৱল মাত্ৰ নিৰপেক্ষ হ'লেই নহ'ব, সেয়া বুজাবও পাৰিব লাগিব। কেজৰিৱালৰ গ্ৰেপ্তাৰ যে অনৈতিক নহয় তাক বুজাবলৈ সকলো প্ৰচেষ্টা কৰা উচিত। আইনৰ শাসনৰ ধাৰণা ভীষণ গুৰুত্বপূৰ্ণ।

উল্লেখ্য যে, এইদৰে চি বি আইক পূৰ্বেও উচ্চতম ন্যায়ালয়ে চোকা সমালোচনা কৰিছিল। ন্যায়ালয়ে পূৰ্বে চি বি আইক সঁজাত বন্দী ভাটৌ আখ্যা দিছিল। সেয়া ২০১৩ চনৰ কথা। কয়লা কেলেংকাৰীৰ এক গোচৰত চি বি আইক সঁজাত বন্দী ভাটৌ বুলি কটাক্ষ কৰিছিল উচ্চতম ন্যায়ালয়ে।

সেয়া আছিল কংগ্ৰেছ শাসনৰ সময়ৰ কথা। তাৰ পাছত ১১ বছৰ অতিক্ৰম কৰিলে। কেন্দ্ৰত কংগ্ৰেছৰ শাসন অন্ত পৰিল, এন ডি এ (NDA) তৃতীয়বাৰলৈ ক্ষমতালৈ আহিল। কিন্তু চি বি আইৰ ওপৰত লগা সেই সঁজাত বন্দী ভাটৌৰ অভিধা আঁতৰ নহ'ল।

২০১৩ ৰ সেই কথা আজি ন্যায়ালয়ত পুনৰ সোঁৱৰাই দিলে ন্যায়াধীশ উজ্জল ভূঞাই। তেওঁ স্পষ্টকৈ কয়, খুব বেছি সময়ৰ আগৰ কথা নহয়। এই ন্যায়ালয়তেই চি বি আইক সঁজাত বন্দী ভাটৌৰ সৈতে তুলনা কৰা হৈছিল। চি বি আইয়ে সেই সঁজাত বন্দী ভাটৌৰ অভিধা দূৰ কৰিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা উচিত। চি বি আই যে মুক্ত বিহংগ এই ধাৰণা প্ৰতিষ্ঠা কৰাহে উচিত।

শেহতীয়াকৈ কেন্দ্ৰত শাসনত থকা বিজেপিয়ে অন্যান্য কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ লগতে চি বি আইকো ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। চি বি আইয়ে বিজেপিৰ কথা মতেই কাম কৰি থকাৰ অভিযোগ।

সেয়ে এই সংস্থাক সঁজাত বন্দী ভাটৌৰ সৈতে তুলনা কৰা হৈছে। বিৰোধী ৰাজনৈতিক নেতাৰ বিৰুদ্ধে উদ্দেশ্য প্ৰণোদিতভাৱে গোচৰ ৰুজু কৰি তাৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া কৰি ৰাখি চাঁপ বৃদ্ধিৰ অভিযোগো নতুন নহয়।

এনে পৰিস্থিতিত অসম সন্তান তথা ন্যায়াধীশ উজ্জল ভূঞাৰ এই কটাক্ষই চি বি আইৰ ভাৱমূৰ্তিক লৈ নতুনকৈ প্ৰশ্ন তুলিলে। ইয়াৰ পিছত চি বি আইৰ ভূমিকা কেনেধৰণৰ হ'ব, মুক্ত বিহংগ হোৱাৰ চেষ্টা কৰিব নে সঁজাত বন্দী হৈ থাকিয়েই ভাল পাব সেয়াহে হ'ব লক্ষ্য়ণীয়।

CBI, Justice Ujjal Bhuyan: ন্যায়াধীশ উজ্জল ভূঞাই ক'লে- 'সঁজাত বন্দী ভাটৌ' নহয় মুক্ত বিহংগ হওঁক CBI
হাততেই পৃথিৱী, সময়ৰহে নাটনি ! দূৰলৈ গ'ল আত্মীয়, স্খলন হ'ল ব্যক্তিত্ব...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in