শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈ সকলোৰে একেই সমস্যা- শাৰীৰিক, মানসিক ৰোগাক্ৰান্ত। শিশুৱে এৰিলে খাবলৈ, শুবলৈ; কিশোৰে এৰিছে পঢ়িবলৈ, খেলিবলৈ। ক্ৰমাৎ দূৰ হৈছে আত্মীয়, বৃদ্ধি পাইছে অপৰাধ, অসামাজিক কামকাজ। সকলো সমস্যাৰ আঁৰৰ এটাই মূল কাৰণ- মোবাইল আসক্তি। এই আসক্তিয়ে কিদৰে সলনি কৰিছে জীৱন, কিদৰে কৰিছে ক্ষতি, এই আসক্তিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কি, মনোবিজ্ঞানীয়ে কয় কি এই সকলো দিশ সামৰি অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক বিশেষ প্ৰতিবেদন।
স্নেপশ্বট-১
পুৱা ৯ বজাৰ পৰা ৯-৩০ বজাৰ ভিতৰত সকলো নিজ নিজ কৰ্মক্ষেত্ৰলৈ যায়। ইয়াৰ পিছতে নিৰু বৰুৱাই কাপোৰ ধোৱাৰ পৰা আৰম্ভ কৰি ঘৰুৱা কামখিনি কৰাত মনোনিবেশ কৰে। এই সময়খিনিতেই তেওঁ সকলো কাম শেষ কৰি আজৰি হৈ দুপৰীয়াৰ আহাৰ ৰান্ধিবলৈয়ো সাজু হয়।
পিছে তেওঁক এই কামখিনি শেষ কৰাত ডেৰ, দুই বছৰীয়া সন্তানটোৱেহে বৰকৈ আমনি কৰে আজিকালি। মাকৰ বা দেউতাকৰ লগত থাকিলে তেওঁলোকৰ হাতৰ মোবাইল ফোনটো পালে অৱশ্যে সেই আমনি দূৰ হয়।
আজিকালি নিৰু বৰুৱাৰ পুৱাৰ পৰা দিনৰ এই সময়খিনিত ঘৰুৱা কাম-বন কৰাত বৰ এটা অশান্তি নহয়। তেওঁৰ স্মাৰ্ট ফোনটো লৈয়ে শিশুটি ব্যস্ত থাকে। আমনি নিদিয়ে। নিতৌ তেওঁ সেয়ে মোবাইলৰ ছাৰ্জ সম্পূৰ্ণ কৰি শিশুটিৰ হাতত মোবাইলটো তুলি দিয়ে।
স্নেপশ্বট-২
পঞ্চম শ্ৰেণীৰ ছাত্ৰ অংকুৰ। পঢ়াই শুনাই বৰ এটা বেয়া নহয়। স্কুলৰ হোমৱৰ্কো ঠিকেই কৰে। ঘৰৰ বাহিৰলৈ নোলায়। মাক, দেউতাকেও ভালেই পায়। একান্ত বাধ্য অংকুৰে আজৰি সময়ত মাক বা দেউতাকৰ মোবাইলটো লৈয়ে ব্যস্ত থাকে।
মাজে মাজে পুৱা, গধূলি পঢ়াৰ সময়ত সি জেড ধৰে। মাক, দেউতাকৰ মোবাইলটো বিচাৰে। মাক, দেউতাকেও হোমৱৰ্ক কৰিলে নে নাই প্ৰশ্ন কৰিয়েই হাতৰ মোবাইলটো অংকুৰৰ হাতত তুলি দিয়ে। সি ব্যস্ত হৈ পৰে।
স্নেপশ্বট-৩
এইবাৰ মেট্ৰিক দিবলৈ সাজু হৈছে প্ৰিয়ংকা। নাচ, গানতো তাইৰ বৰ ছখ। স্কুলৰ, গাঁৱৰ সাংস্কৃতিক অনুষ্ঠানত তাই অংশগ্ৰহণ কৰি পুৰস্কাৰো পাইছে। মাক, দেউতাকেও বাধা নিদিয়ে।
আজিকালি তাই ইনষ্টাগ্ৰামত ৰীলছ বনায়। ফ'লৱাৰ্ছ বৰ বেছি নাই। তথাপিও তাই মনৰ ছখত কৰি গৈছে। সময় পালেই ট্ৰেণ্ডিঙত থকা গান, সংলাপৰ লিপছিং কৰে, নাচি সেই ভিডিঅ' ইনষ্টাগ্ৰামৰ ৰীলছত শ্বেয়াৰ কৰে। অৱশ্যে কষ্ট অনুসৰি ভিউজ নহাৰ বাবেই তাই মাজে মাজে হতাশো হয় কিন্তু হাৰ নামানে। মাক, দেউতাকেও একো নকয়। নাচ, গানৰ ছখ পূৰণ কৰিছে কৰক বুলিয়েই ধৰি লয়।
স্নেপশ্বট-৪
উচ্চতৰ মাধ্যমিক শেষ কৰি উচ্চ শিক্ষাৰ বাবে বহিঃৰাজ্যলৈ গৈছে বিতুপন। মেধাৱী বিতুপনক লৈ ঘৰখনেই নহয় পৰিয়ালৰ সকলোৱে গৌৰৱ কৰে। অতি নিৰ্জু বিতুপন পৰিয়ালৰ সকলোৰে প্ৰিয়। পৰিয়ালৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানতে ভাগ লয়।
সুযোগ পালেই মোমায়েকৰ ঘৰলৈ যায়। পেহীয়েক, মাহীয়েকহঁতৰো বৰ মৰমৰ সি। তাক লৈ তেওঁলোকে সপোন দেখিছে। ডাঙৰ মানুহ হ'ব সি। পিছে মাক, দেউতাকৰ চিন্তা তাৰ নিচিনা এটা ল'ৰাই ঘৰ এৰি, পৰিয়াল এৰি বহিঃ ৰাজ্যত কেনেকৈ ইমানদিন থাকিব !
মোবাইলত ভিডিঅ' কলৰ ব্যৱস্থা থকাৰ বাবে অৱশ্যে ভালেই হ'ল। মন গ'লেই এজনে আনজনক চাই কথা পাতিব পাৰিব। বিতুপনে সদায় ভিডিঅ' কল কৰাৰ কথা কৈ গুছি গ'ল।
স্নেপশ্বট-৫
নতুনকৈ বিয়া হৈ আহিছে মৃদুস্মিতা। কৰ্মসূত্ৰে তেওঁৰ স্বামী থাকে বাহিৰত। স্বামীৰ অনুপস্থিতিৰ পাছতো অৱশ্যে নতুন ঘৰখনত সকলোৰে সৈতে সোনকালেই মিলি গৈছে তেওঁ। গাঁৱৰ মানুহখিনিয়েও বৰ সাদৰি বোৱাৰী এজনী গাওঁখনলৈ আহিল বুলি কথা পাতে।
গাঁৱৰ সকাম, অনুষ্ঠানত মৃদুস্মিতা নোযোৱাকৈ নাথাকে। খুব কম সময়তে গাওঁখনত জনপ্ৰিয় হৈ পৰিছে তেওঁ। ফেচবুকত গাওঁখনৰ ল'ৰা, ছোৱালীবোৰ তেওঁৰ নতুকৈ ফেচবুক ফ্ৰেইণ্ড হৈছে। তাতেই সিহঁতৰ সৈতে কথা পাতি হোৱাটছএপ নম্বৰো আদান, প্ৰদান হৈছে।
ঘৰুৱা কামৰ মাজে মাজে মৃদুস্মিতাই মোবাইলক সময় দিয়ে। মেচেজবোৰৰ ৰিপ্লাই কৰে। বিয়লি, নিশা সুযোগ পালে নিজেও দুজনমানলৈ মেচেজ কৰি কথা পাতে। শহুৰ, শাহুৰেকেও বৰ বিশেষ চকু নিদিয়ে।
ওপৰত উল্লেখিত এই পাঁচোটা স্নেপশ্বট আপোনাৰ চিনাকী। নিতৌ আপুনি এনে দৃশ্য, ঘটনাৰ সাক্ষী হৈছে। হয়তো আপোনাৰ ঘৰতো এনে কিছুমান দৃশ্যেই বিৰাজ কৰিছে। নিৰু বৰুৱা নামৰ চৰিত্ৰতি হয়তো আপোনাৰ পত্নী।
অংকুৰ হয়তো আপোনাৰ সন্তান, প্ৰিয়ংকা হয়তো জীয়ৰী, ভগ্নী অথবা ভতিজী। বিতুপন আপোনাৰে পৰিয়ালৰ কোনোবা সদস্য আৰু মৃদুস্মিতাও আপোনাৰ পৰিয়ালৰে নতুন সদস্য অথবা গাওঁখনৰে চিনাকী কোনো এক চৰিত্ৰ।
আপুনি আকৌ এবাৰ এই চৰিত্ৰসমূহলৈ মনত পেলাওক। নিৰু বৰুৱাৰ ডেৰ, দুই বছৰীয়া শিশুটো আজিকালি সকলো সময়তে মোবাইলতে ব্যস্ত। ঘৰত মাকে আহাৰ খোৱাবলৈ চেষ্টা কৰাৰ পৰা আৰম্ভ কৰি বিয়া, সবাহৰ আহাৰ খোৱা সময়লৈকে সকলো সময়তে হাতত থাকে মোবাইলটো। মোবাইল নাপালেই চিঞঁৰ মাৰি দিয়ে।
পঢ়াত মনযোগ দিয়া অংকুৰৰ আজিকালি পঢ়াত মন নবঢ়ে। চশমা পৰিধান কৰে। স্কুলৰ পৰাও হোমৱৰ্ক নকৰাৰ অভিযোগ আহে। মাক, দেউতাকৰ কথাত কাণ নিদিয়ে। মোবাইলতে গেম খেলি কোঠাৰ ভিতৰত সোমাই থাকে।
প্ৰিয়ংকাই মেট্ৰিকত ফেইল কৰিলে। ইনষ্টাগ্ৰামত আজিকালি তাইৰ স্বপ্ল বস্ত্ৰ পৰিধান কৰি বনোৱা ৰীলছবোৰ ভাইৰেল হয়। মাক, দেউতাকে সমাজত মুখ উলিয়াব নোৱাৰা হৈছে।
তাইৰ দেহৰ ভূগোল গাঁৱৰ ল'ৰাবোৰৰ মুখে মুখে। মাক, দেউতাকে বাৰে বাৰে তাইক এনে কাৰ্যত বাধা দিবলৈ চেষ্টা কৰিছে যদিও দিনে দিনে তাইৰ দেহৰ বস্ত্ৰৰ কমি আহিছে। কাপোৰবোৰ সৰু হৈ অহাত ফ'লৱাৰ্ছো বাঢ়িছে, ভিউজো বাঢ়িছে।
বিতুপনে আজিকালি পৰিয়ালৰ মানুহৰ খবৰ নলয়। মোমায়েক, মামীয়েক, পেহীয়েক, মাহীয়েকহঁতে মাজে মাজে দুখ কৰে। অৱশ্যে ব্যস্ত আছে কাৰণেই কথা পতা নাই বুলিও ভাব এটা নহা নহয়।
পিছে মাক, দেউতাকেহে ভিতৰি ভিতৰি ভাঙি পৰিছে। ল'ৰাটোৱে সপ্তাহ, দিনৰ পিছতো এটা ফোন নকৰে। মাহেকৰ মূৰত টকা কেইটা বিচাৰি এটা ফোন কৰে। খুব বেছি এক বা দুই মিনিটৰ কথা হয়।
ঘৰৰ পৰা ফোন গ'লেও কাটি দি ব্যস্ত আছো বুলি মেচেজ এটা পঠিয়াই দিয়ে। গাঁৱৰ তাৰ সমনিয়া কেইটাই মাজে মাজে সি কিবা অখাদ্য খোৱাৰ কথাও পতা তেওঁলোকৰ কাণত পৰিছে। নিশা তেওঁলোকৰ টোপনি নাহে।
সাদৰি বোৱাৰী মৃদুস্মিতাৰ নাম শুনিলেই এতিয়া গাওঁখনৰ মানুহে নাক কুচাই। গাঁৱৰ কোনোবা লম্পট এটাৰে তাইৰ হেনো পৰকীয়া সম্পৰ্ক। শহুৰেক, শাহুৰেকক গণ্যই নকৰে। স্বামীৰ সৈতে মাজে মাজে মোবাইলতে কাজিয়া হয়। কেতিয়া, ক'লৈ ওলাই যায় তাৰ কোনো ঠিকনা নাই।
এয়াই আজিৰ সমাজৰ বাস্তৱিক পৰিস্থিতি। এই মাত্ৰ পাঁচটা দৃশ্য বা উদাহৰণে স্পষ্ট কৰিছে শিশু, কিশোৰৰ পৰা আৰম্ভ কৰি প্ৰাপ্ত বয়স্কৰ কিদৰে স্খলন ঘটিছে। এই সকলো ঘটনাৰে আঁৰত আছে এটা বিশেষ যুগসূত্ৰ। মোবাইল ফোন।
বিজ্ঞানৰ এই চমকপ্ৰদ আৱিষ্কাৰে যিদৰে পৃথিৱীখন আমাৰ হাতৰ মুঠিলৈ আনি দিলে ঠিক সেইদৰেই আমাক নিজৰ পৰাই বহু দূৰলৈ লৈ গ'ল। আমাৰ মাজত থকা আত্মীয়তা, সামাজিক বান্ধোন সকলো শেষ কৰিলে। আমাৰ মানসিক, শাৰীৰিক স্বাস্থ্যক জুৰুলা কৰিলে। নৈতিকতা, চৰিত্ৰৰ স্খলন হোৱাত মূল ভূমিকা ল'লে।
McAfee নামৰ এটা কম্পিউটাৰ সুৰক্ষা প্ৰতিষ্ঠানৰ এক সমীক্ষা অনুসৰি ভাৰতীয় শিশুসকলেই বিশ্বৰ ভিতৰতে সৰ্বাধিক মোবাইল ব্যৱহাৰ কৰে। দেশৰ ১০ ৰ পৰা ১৪ বছৰৰ শিশুসকলৰ মাজত স্মাৰ্টফোনৰ ব্যৱহাৰ ৮৩ শতাংশ। এয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক।
নকলেও এই কথা বহুতেই বুজি পাই ইয়াৰে সৰ্বাধিক শিশুৱেই মোবাইলৰ দুৰ্ব্যৱহাৰ হে কৰাত লিপ্ত হৈছে। ফলত দেশত বৃদ্ধি পাইছে শিশু, কিশোৰে সংঘটিত কৰা অপৰাধৰ সংখ্যা।
এতিয়া শিশুৰ হাতে হাতে এণ্ড্ৰইড ফোন থাকে। এই মোবাইলৰ জৰিয়তে ইণ্টাৰনেটত সহজলভ্য হৈ থকা বিভিন্ন গেম ডাউনলোড কৰি তেওঁলোক সেইসমূহত ব্যস্ত। এনে মোবাইলৰ গেমৰ বাবেই এইখন অসমতে শিশু, কিশোৰে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিছে। এইখন দেশতেই সংঘটিত হৈছে মোবাইল গেমৰ বাবে শিশুৱে শিশু হত্যা কৰাৰ দৰে ঘটনা।
এতিয়া শিশু, কিশোৰৰ হাতে হাতে থকা মোবাইল ফোনত পৰ্ণগ্ৰাফী সহজলভ্য। এইসকলেই পাছত লিপ্ত হৈছে অপকৰ্মত। বৃদ্ধি পাইছে মাদক দ্ৰব্যৰ প্ৰতি আসক্তি।
এক গৱেষণা অনুসৰি কোভিড সৃষ্টি পৰিবেশৰ পাছত স্কুলীয়া শিক্ষাৰ্থীৰ মোবাইল আসক্তি বৃদ্ধি পাইছে ৬৭ শতাংশ। কোভিড পৰিস্থিতিৰ পাছত ভাৰতৰ ৭০ শতাংশ শিশুৱেই কোনো শাৰীৰিক খেলা-ধূলা কৰা নাই বা খেলিবলৈ এৰিছে। বৃদ্ধি পাইছে মানসিক ৰোগ।
ভাৰতৰ ৬৮ শতাংশ শিশুৱেই মোবাইল আসক্ত। এইকলৰ ৯ শতাংশ শিশুৱেই দিনটোৰ অধিকাংশ সময় কম্পিউটাৰ স্ক্ৰীণ আৰু ৮ শতাংশ শিশুৱে টেবত সময় অতিবাহিত কৰে। মাত্ৰ ২৫ শতাংশ শিশুয়েহে এনে ডিভাইছ অনলাই পাঠ্যক্ৰমৰ বাবে ব্যৱহাৰ কৰে।
ইয়াৰে আকৌ ৪০ শতাংশ শিশুৱে কাৰ্টুন, নৃত্য, গীত আদি চাবলৈ মোবাইল ব্যৱহাৰ কৰে। মোবাইল আসক্তৰ ২৭ শতাংশ শিশুৱেই আকৌ সামাজিক মাধ্যম যেনে ফেচবুক, ইনষ্টাগ্ৰাম আদিত ব্যস্ত থাকে। ১৭ শতাংশ বিভিন্ন অনলাইন গেমৰ প্ৰতি আসক্ত।
এনে মোবাইল আসক্তিৰ ফলতেই এই শিশুসকলৰ স্বাস্থৰ যথেষ্ট ক্ষতি হোৱাৰ দিশটোও উন্মোচিত হৈছে এই গৱেষণাত। গৱেষণাত স্পষ্ট হৈছে মোবাইল আসক্ত এই শিশুসকলৰ অধিকাংশই মূৰৰ বিষ, দৃষ্টিশক্তিৰ সমস্যা, নিদ্ৰাহীনতা, বিষন্নতা, সৰু কথাতে খং উঠাৰ দৰে সমস্যাৰ সন্মুখীন হৈছে।
আন এক গৱেষণা অনুসৰি আকৌ মোবাইল আসক্ত কিশোৰ তথা প্ৰাপ্তবয়স্ক সকলেও হাতত মোবাইল নাথাকিলে আতংকিত হৈ পৰে। তেওঁলোকে মোবাইলক দিয়া সময় নিয়ন্ত্ৰণ কৰিব নোৱাৰে।
ফলত তেওঁলোকৰ আচৰণত ইয়াৰ প্ৰভাৱ পৰিছে। এইসকলো শাৰীৰিক, মানসিক ৰোগৰ সন্মুখীন হৈছে। অন্যান্য সমস্যাৰ লগতে তেওঁলোক হতাশাত ভূগিছে। নিয়ন্ত্ৰণহীন হৈ পৰিছে। সমাজৰ পৰা লাহে লাহে নিজকে আঁতৰাই নিছে।
এই সকলো এতিয়া ডিজিটেল আসক্তিৰ স্বীকাৰ হৈছে। দেশৰ অন্যতম এগৰাকী প্ৰসিদ্ধ মনোবিজ্ঞানী ডাঃ ৰীণা দত্তৰ মতে মোবাইল গেমছ, সামাজিক মাধ্যম, অনলাইন কাম-কাজ, অনলাইন ক্লাছ আদি অনেক কাৰণত ডিজিটেল ডিভাইছৰ প্ৰতি মানুহৰ আসক্তি বাঢ়িছে।
এনে আসক্তিয়ে শিশুৰ পৰা প্ৰাপ্ত বয়স্কলৈ সকলোকে নানান সমস্যাত পেলাইছে। ইয়াৰ চিকিৎসাৰ ব্যৱস্থা কৰিবলৈয়ো কোনো কোনোৱে চিন্তা কৰিছে যদিও এনে সমস্যাৰ পৰা মুক্ত হ'বলৈ তেনে কোনো চিকিৎসা ব্যৱস্থা নাই। কেৱল মাত্ৰ ডিজিটেল ডিটক্সৰ জৰিয়তেহে ইয়াৰ পৰা পৰিত্ৰাণ সম্ভৱ।
ডাঃ ৰীণা দত্তৰ মতে, ডিজিটেল ডিটক্স হ'ল এনে এক প্ৰক্ৰিয়া কিছু সময়ৰ বাবে মানু ডিজিটেল ডিভাইছ মোবাইল, কম্পিউটাৰ, লেপটপ আদিৰ পৰা কিছু সময়ৰ বাবে নিজকে আঁতৰাই ৰখা। ডিজিটেল আসক্তি স্বীকাৰ হোৱা লোকসকলে আৰম্ভণিতেই এইসমূহ ৰ পৰা নিজকে আঁতৰাই ৰাখিব নোৱাৰিব যদিও লাহে লাহে অভ্যাস কৰিলে এইসমূহৰ আসক্তিৰ পৰা নিজকে মুক্ত কৰিব পাৰিব।
তেওঁ কয়, দিনটোৰ কিছু সময় বা সপ্তাহত কিছু সময় স্ক্ৰীণ ফ্ৰী ভাৱে সময় অতিবাহিত কৰা অতি জৰুৰী। ইয়াৰ বাবে ব্যৱহাৰকাৰীসকলে টাইম ট্ৰেকাৰো ব্যৱহাৰ কৰিব পাৰে। তাৰোপৰি মোবাইলকে ধৰি ডিজিটেল সামগ্ৰীসমূহৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ পৰা নিজকে যিমান পাৰি সিমান বিৰত ৰাখিবলৈয়ো চেষ্টা কৰিলেও ডিজিটেল ডিটক্স সম্ভৱ হৈ পৰে।
জিৰণিৰ সময়ত, শোৱাৰ সময়ত মোবাইল নিজৰ কাষত ৰখাৰ পৰিবৰ্তে যিমান পাৰি আঁতৰত ৰাখিবলৈ চেষ্টা কৰা উচিত। শিশুৰ ক্ষেত্ৰতো তেওঁলোকৰ চকুৰ সন্মুখৰ পৰা মোবাইল যিমান পাৰি আঁতৰাই ৰাখিব পাৰি সিমানেই মংগল। শিশুক মোবাইল আসক্তিৰ পৰা মুক্তি কৰিবলৈ প্ৰথমে অভিভাৱক ইয়াৰ আসক্তিৰ পৰা মুক্ত হ'ব লাগিব। এই আসক্তিৰ পৰা মুক্ত হ'ব পাৰিলেই জীৱন ধাৰণ সৰল আৰু সুস্থ হৈ পৰিব। ৰোগমুক্ত শৰীৰ আৰু মানসিক স্বাস্থও সৱল হৈ পৰিব।