দীৰ্ঘ দিনীয়া সম্পৰ্কই লাভ কৰিব আনুষ্ঠানিকতাঃ ন্য়ায়াধীশ অভিজিৎ গাংগুলীয়ে যোগদান কৰিব বিজেপিত

শীঘ্ৰে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব পদত্যাগ পত্ৰ, ৬ মাৰ্চত যোগদান কৰিব বিজেপিত

author-image
Asomiya Pratidin
New Update
দীৰ্ঘ দিনীয়া সম্পৰ্কই লাভ কৰিব আনুষ্ঠানিকতাঃ ন্য়ায়াধীশ অভিজিৎ গাংগুলীয়ে যোগদান কৰিব বিজেপিত

দীৰ্ঘ দিনীয়া সম্পৰ্কই লাভ কৰিব আনুষ্ঠানিকতাঃ ন্য়ায়াধীশ অভিজিৎ গাংগুলীয়ে যোগদান কৰিব বিজেপিত

ডিজিটেল ডেস্কঃ হঠাৎ পদত্যাগৰ কথা ঘোষণা কৰিলে কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ অভিজিৎ গঙ্গোপাধ্যায়ে। বংগৰ মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে বহু কেইটা গোচৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ বাবে চৰ্চাত আছিল এইগৰাকী ন্যায়াধীশ।

Advertisment

ইয়াৰোপৰি তেওঁ দীৰ্ঘদিনৰে পৰা বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি অহাৰো খবৰ পোহৰলৈ আহিছিল। লোকসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে এইগৰাকী ন্যায়াধীশে হঠাৎ পদত্যাগৰ কথা ঘোষণা কৰাত এতিয়া তেওঁ শীঘ্ৰেই বিজেপিত যোগদান কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলি খবৰ প্ৰকাশ হৈছে।

চৰ্চা অনুসৰি অহা ৬ মাৰ্চত মোডীৰ বংগ ভ্ৰমণৰ সময়তে তেওঁ যোগদান কৰিব বিজেপিত। উল্লেখ্য, দেশৰ ন্যায় পালিকাৰ জগতখনৰ কথাতো বাদেই সামগ্ৰিকভাৱে সকলো ক্ষেত্ৰতে শেহতীয়াকৈ চৰ্চাত আছিল এইগৰাকী ন্যায়াধীশ।

বংগৰ বিভিন্ন দুৰ্নীতিৰ গোচৰত এইগৰাকী ন্যায়াধীশে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, অভিষেক বেনাৰ্জী আদিৰ নাম উল্লেখ কৰি বিভিন্ন বক্তব্য প্ৰদান কৰিছিল। পৰিস্থিতি এনে পৰ্যায় পাইছিলগৈ যে, তৃণমূল কংগ্ৰেছৰ একাংশ নেতাই তেওঁক ন্যায়াধীশৰ আসনখন এৰি বিজেপিত যোগদান কৰি নিৰ্বাচনী যুঁজত নামিবলৈ পৰামৰ্শ আগবঢ়াইছিল।

টি এম চিৰ নেতা কুণাল ঘোষে তেওঁক সমালোচনা আৰু প্ৰত্যাহ্বান জনাই কৈছিল- অৱসৰৰ বাবে বেছি দি নাই । তাৰ আগতেই অব্যাহতি লৈ ৰাজনৈতিক ময়দানলৈ আহক। তাৰ পাছত দেখা যাব।

বিজেপিৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰি অহা এই ন্যায়াধীশগৰাকীয়ে যে ৰাজনীতিলৈ মন মেলিছে সেই কথা ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। অৱশেষত সেয়াই সত্য হ'বলৈ আগবাঢ়িছে।

দেওঁবাৰে ন্যায়াধীশ অভিজিৎ গঙ্গোপাধ্যায়ে তেওঁ অব্যাহতি লোৱাৰ কথা ঘোষণা কৰি শীঘ্ৰেই ৰাষ্ট্ৰপতিৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিব বুলিও জনাইছে। লগতে স্পষ্ট কৰিছে তেওঁৰ পৰৱৰ্তী ক্ষেত্ৰখন হ'ব ৰাজনীতি।

Also Read: অৰ্কিড উদ্যানত আহাৰ খায় পীযুষ হাজৰিকাই ক'লে অখিল গগৈৰ সৈতে সম্পৰ্ক বেয়া নহয়...

বিজেপি পশ্চিমবংগ