অৰ্কিড উদ্যানত আহাৰ খায় পীযুষ হাজৰিকাই ক'লে অখিল গগৈৰ সৈতে সম্পৰ্ক বেয়া নহয়...

কাজিৰঙা লোকসভা সমষ্টিৰ বাবে কামাখ্যা প্ৰসাদ তাছা উপযুক্ত প্ৰাৰ্থী
অৰ্কিড উদ্যানত আহাৰ খায় পীযুষ হাজৰিকাই ক'লে অখিল গগৈৰ সৈতে সম্পৰ্ক বেয়া নহয়...
অৰ্কিড উদ্যানত আহাৰ খায় পীযুষ হাজৰিকাই ক'লে অখিল গগৈৰ সৈতে সম্পৰ্ক বেয়া নহয়...

ডিজিটেল সংবাদ কাজিৰঙাঃ দেওবাৰে কাজিৰঙাস্থিত অৰ্কিড উদ্যানত উপস্থিত হ'লহি ৰাজ্য চৰকাৰৰ জনসংযোগ, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা। অৰ্কিড উদ্যানখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি সাংবাদিকৰ প্ৰশ্নত হাজৰিকাই কয়, ৰাজনৈতিক পথাৰত আমি দুয়ো বিপৰীত মেৰুত ৷ অখিল গগৈ যিফালে মই ওলোটাফালে ৷

ইয়াৰোপৰি তেওঁ মন্তব্য কৰে যে দুয়োৰে মাজত ব্যক্তিগত সম্পৰ্ক বেয়া নহয় আৰু বেয়া কৰিবও নিবিচাৰে ৷ আগন্তুক লোকসভা নিৰ্বাচনত কাজিৰঙা সমষ্টি বহু লাখ ভোটত জয়ী হ’ম বুলি মন্তব্য কৰি পীযুষ হাজৰিকাই কয় যে, বিৰোধী ঐক্য মঞ্চ নামতহে আছে, তেওঁলোকৰ কোনো কাম নাই ৷ কাজিৰঙা সমষ্টিৰ বাবে কামাখ্যা প্ৰসাদ তাছা এগৰাকী উপযুক্ত প্ৰাৰ্থী ৷ বিৰোধীয়ে বৰ্তমানলৈকে প্ৰাৰ্থী বিচাৰিয়েই পোৱা নাই ৷ লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত খেলাৰ কথা আছিল যদিও এতিয়া লখিমপুৰত খেলিব বুলি কথা ওলাইছে ৷ আমি ভাল কাম কৰি আহিছো গতিকে ৰাইজে আমাক সদায় সমৰ্থন দিব ৷ আমি কেতিয়াও বেয়া কাম নকৰোঁ ৷ বেয়া কাম কৰিলে আমিও হাৰিম ৷যি দৰে কংগ্ৰেছে বেয়া কাম কৰাৰ বাবে ৰাইজৰ সমৰ্থন হেৰুৱালে ৷

অৰ্কিড উদ্যানত আহাৰ খায় পীযুষ হাজৰিকাই ক'লে অখিল গগৈৰ সৈতে সম্পৰ্ক বেয়া নহয়...
নগাঁও-বটদ্ৰৱা সমষ্টিত বিধায়ক ৰূপক শৰ্মাৰ ১০ টাকৈ পথৰ আধাৰশিলা স্থাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in