মিছন তামিলনাডু ২০২৪...

মিছন তামিলনাডু ২০২৪...

ডিজিটেল ডেস্ক : আগন্তুক বিধানসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে আৰম্ভ কৰিলে মিছন তামিলনাডু ২০২৪ । দলীয় সভাপতি জে পি নাড্ডাৰ তামিলনাডু ভ্ৰমণেৰে আৰম্ভ কৰিব ওলোৱা এই অভিযানৰ লক্ষ্য হ'ব ভাৰতীয় জাতীয় কংগ্ৰেছৰ বহুল সমাদৃত 'ভাৰত জোড়ো যাত্ৰা'ক তল পেলাই দাক্ষিণাত্যত বিজেপিৰ আধিপত্য প্ৰকাশ কৰা ।

এতিয়ালৈকে পাঁচটা কাৰ্যসূচীৰে তামিলানাডু ৰাজ্য ভ্ৰমণৰ সিদ্ধান্ত লোৱা নাড্ডাই এই মিছন তামিলনাডুৰ সময়ছোৱাত উপস্থিত থাকিব জনসভাত, ভ্ৰমণ কৰিব বিখ্যাত মন্দিৰ সমূহ । আনহাতে, দলটিয়ে শেহতীয়াকৈ কইম্বাটুৰ আৰু নিলগিৰী জিলাত প্ৰত্যক্ষ কৰিছে বৰ্ধিত সমৰ্থন ।                                                                            

উল্লেখ্য যে, ৰাজ্যখনত ২০১৯ চনত অনুষ্ঠিত বিধান সভা নিৰ্বাচনত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰা ৫ খন আসনতেই পৰাস্ত হৈছিল । আনহাতে, মুখ্যমন্ত্ৰী ষ্টেলিনৰ দলে ৩৯ খন আসনৰ সৰ্বমুঠ ৩৮ খন আসনত বিজয়ী হৈ চৰকাৰ গঠন কৰিছিল ।

তথ্য অনুসৰি, জে পি নাড্ডাই বুধবাৰে পুৱা কোট্টাই ইশ্বৰম মন্দিৰত প্ৰথমে সেৱা জনোৱাৰ পিছত সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলৰ সৈতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিব । ইয়াৰ পাছতেই বিয়লি এক জনসভাত উপস্থিত থাকিব দলীয় সভাপতি গৰাকী ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in