/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/8931f6c2-9065-4f21-bc18-e47f40b19e67/AP_FOR_WEB_sarba.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাত নিৰাময়ৰ চেষ্টা বিজেপিৰ। ইয়াৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই ঘোষণা কৰিলে ৩ ৰাজ্যৰ বাবে পৰ্যবেক্ষকৰ নাম। ৰাজস্থান, মধ্যপ্ৰদেশ আৰু চত্তিশগড়ৰ বাবে ৩ জন কেন্দ্ৰীয় মন্ত্ৰীসহ ৯ জন পৰ্যবেক্ষকৰ নাম ঘোষণা কৰিছে নাড্ডাই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/ed89ead2-1f2e-4bb9-8f42-59c8d50fd60e/75f3db72_69c5_4228_9cb0_7238b90ceec9.jpg)
ৰাজস্থানৰ পৰ্যবেক্ষক হিচাবে বাছনি কৰা হৈছে- কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাৱৰে আৰু ৰাজ্যসভাৰ সাংসদ সৰোজ পাণ্ডেক। ইতিমধ্যে এওলোকক ৰাজস্থানলৈ প্ৰেৰণ কৰা হৈছে।
মধ্যপ্ৰদেশৰ পৰ্যবেক্ষক হিচাবে বাছনি কৰা হৈছে- হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু দলটোৰ জ্যেষ্ঠ সদস্য তথা ৰাষ্ট্ৰীয় সভাপতি কে লক্ষ্মণ আৰু ৰাষ্ট্ৰীয় সম্পাদক আশা লাখৰাক। ইতিমধ্য়ে এওলোকক মধ্য প্ৰদেশলৈ প্ৰেৰণ কৰা হৈছে।
আনহাতে চত্তিশগড়ৰ পৰ্যবেক্ষক হিচাপে বাছনি হৈছে- কৃষি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা, বন্দৰ আৰু জাহাজ পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দুষ্মন্ত কুমাৰ গৌতমে । এই আটাইকেইগৰাকী নেতাই এতিয়া এই ৩ ৰাজ্যৰ সংকট দূৰ কৰাৰ চেষ্টা কৰিব।
উল্লেখ্য যে, শেহতীয়াকৈ হৈ যোৱা ৫ ৰাজ্যৰ নিৰ্বাচনত ৩ খনতেই জয়লাভ কৰিছিল বিজেপিয়ে। কিন্তু এতিয়ালৈকে ঘোষণা কৰা নাই মুখ্যমন্ত্ৰীৰ নাম। মুখ্যমন্ত্ৰীৰ পদক লৈ এই ৩ ৰাজ্যত সংঘাতৰ সৃষ্টি হৈছে। যাৰ বাবে এই পৰ্যবেক্ষক হিচাবে নিযুক্তি দিছে বিজেপিয়ে।
Also Read: ভাৰত আৰু ভাৰতীয়ৰ বিৰুদ্ধে কাম কৰিবলৈ কোনোৱে মোডীক বাধ্য কৰিব নোৱাৰেঃ পুটিন