ভাৰত আৰু ভাৰতীয়ৰ বিৰুদ্ধে কাম কৰিবলৈ কোনোৱে মোডীক বাধ্য কৰিব নোৱাৰেঃ পুটিন

ভাৰত আৰু ভাৰতীয়ৰ বিৰুদ্ধে কাম কৰিবলৈ কোনোৱে মোডীক বাধ্য কৰিব নোৱাৰেঃ পুটিন

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ প্ৰশংসাত পঞ্চমুখ ৰাছিয়াৰ ৰাষ্ট্ৰপতি  ভ্লাডিমিৰ পুটিন। ইতমধ্যে মোডীৰ প্ৰশংসা কৰি মন্তব্য কৰা পুটিনৰ এটা ভিডিঅ' ক্লিপ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

তেওঁ কয় যে, মোডীক ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থ, ভাৰতীয় জনসাধাৰণৰ বিৰুদ্ধে কোনো ব্যৱস্থা বা সিদ্ধান্ত ল'বলৈ ভাবুকি বা বাধ্য কৰিব নোৱাৰি। ৰাছিয়াৰ এটা সংস্থাই এই ভিডিঅ'টো শ্বেয়াৰ কৰিছ।

৪৫ ছেকেণ্ডৰ ভিজিঅ'টোত পুনিটে কয় যে, "ৰাছিয়া-ভাৰত সম্পৰ্ক সকলো দিশত বিকশিত হৈ আছে আৰু ইয়াৰ মুখ্য গেৰাণ্টি হৈছে প্ৰধানমন্ত্ৰী মোদীৰ নীতি। মই কল্পনা কৰিব নোৱাৰো যে কোনোৱে মোডীক ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থ, ভাৰতীয় জনসাধাৰণৰ বিৰুদ্ধে কোনো ব্যৱস্থা বা সিদ্ধান্ত ল'বলৈ ভয় খুৱাব বা বাধ্য কৰিব পাৰে। মই জানো তেওঁৰ ওপৰত বহু হেঁচা আছে। আমি কেতিয়াও এই বিষয়ে কথা পতা নাই। কিন্তু সকলো দেখি আছো।

লগতে পুটিনে কয়, ভাৰতীয় জনসাধাৰণৰ ৰাষ্ট্ৰীয় স্বাৰ্থ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত মোডীৰ কঠোৰ স্থিতিৰ দেখি মই কেতিয়াবা আচৰিত হওঁ।

উল্লেখ্য যে,এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও পুটিনে কেইবাবাৰো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ নীতিৰ প্ৰশংসা কৰিছে। ইয়াৰ পূৰ্বে তেওঁ এবাৰ কৈছিল যে শক্তিশালী দেশ প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত আৰু অধিক শক্তিশালী হৈ গৈ আছে।

ভাৰত আৰু ভাৰতীয়ৰ বিৰুদ্ধে কাম কৰিবলৈ কোনোৱে মোডীক বাধ্য কৰিব নোৱাৰেঃ পুটিন
নাই সমাধান! নিৰ্বাচনত জয়ী হোৱাৰ পাছতো মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব পৰা নাই বিজেপিয়ে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in