৬০ খন গাড়ীৰ কনভয়ঃ দিল্লীত কেনেকৈ দিয়া হ'ব বাইডেনৰ সুৰক্ষা, থকাৰ নামত ব্যয় কিমান, জানক...

৬০ খন গাড়ীৰ কনভয়ঃ দিল্লীত কেনেকৈ দিয়া হ'ব বাইডেনৰ সুৰক্ষা, থকাৰ নামত ব্যয় কিমান, জানক...

ডিজিটেল ডেস্কঃ জি-২০ৰ দুদিনীয়া বৈঠক অনুষ্ঠিত কৰিবলৈ সাজু হৈছে ৰাজধানী দিল্লী। ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া এই বৈঠকত বিভিন্ন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

ইয়াৰে একাংশ নেতাই দিল্লীতে বাহৰ পাতিব। তাৰ ভিতৰত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন। আজি সন্ধিয়া দিল্লীত উপস্থিত হ'ব মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ লগত এক দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰীৰ বাসভৱনত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনত জিই জেট ইঞ্জিন চুক্তি, ৫জি আৰু ৬জি স্পেকট্ৰাম, প্ৰিডেটৰ ড্ৰোন ক্ৰয়কে ধৰি বহুতো বিষয়ত আলোচনা হ'ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভানে কয় যে এই দ্বিপাক্ষিক বৈঠকত গুৰুত্বপূৰ্ণ আৰু উদীয়মান প্ৰযুক্তি, অসামৰিক পাৰমাণৱিক খণ্ডৰ প্ৰগতি আদিৰ বিষয়েও আলোচনা কৰা হ'ব।

কেনেকৈ সুৰক্ষা দিয়া হব জ' বাইডেনক

আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ স্বাগত কৰিবলৈ ইতিমধ্যে সুৰক্ষাবাহিনীও সাজু হৈছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি বাইডেনৰ কনভয়ত প্ৰায় ৬০ খন বাহন থাকিব। য'ত ৰাষ্ট্ৰপতিৰ সন্মুখত আৰু পিছফালে আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপন সেৱাৰ এজেণ্টৰ বাহন থাকিব। বিডেন বিশ্বৰ আটাইতকৈ সুৰক্ষিত গাড়ী 'দ্য বিষ্টত' জি-২০ স্থান প্ৰগতি ময়দানত উপস্থিত হ'ব। জি-২০ত যোগদান কৰা নেতাসকলৰ ভিতৰত বিডেন হ'ব আটাইতকৈ ডাঙৰ কনভয়। 'দ্যা বিষ্ট' এনেএখন গাড়ী যাক কোনো বোমা বাৰুদে অনিষ্ট সাধন কৰিব নোৱাৰে।এই গাড়ীখনৰ দাম ১২ কোটিৰো অধিক। এই গাড়ীখনত আছে এনে কিছুমান ক্ষমতা যাৰ দ্বাৰ আক্ৰমণকাৰী মুহৰ্ততে নিশেষ হৈ যাব।

বাইডেনৰ বিমান দিল্লীত অৱতৰণ কৰাৰ লগে লগে তেওঁৰ কনভয় দ্ৰুতগতিত হোটেলৰ ফালে আগবাঢ়িব আৰু গোটেই পথটো আগতীয়াকৈ সাজু কৰি ৰখা হ'ব। সুৰক্ষাৰ বাবে আন এটা পথো সাজু কৰি ৰখা হ'ব। যাৰ বিষযে কেৱল বিষয়াসকলহে এই বিষয়ে অৱগত হ'ব।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বিডেন আইটিচি মৌৰ্যত থাকিব। বাইডেনৰ বাবে যিখন হোটেল বুক কৰা হৈছে তাত এটা ৰাতিৰ বাবে ব্যয় কৰিবলগা হয় ৮ লাখ টকা।

ইয়াৰোপৰি বিভিন্ন ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি দিল্লীলৈ আহিব। এইসকলৰ সুৰক্ষাৰ বাবে প্ৰায় ১লাখ ৩০ হাজাৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। তদুপৰি কেইবাখনো দেশৰ লগত দ্বিপাক্ষিক সম্পৰ্কও স্থাপন কৰিব ভাৰতে।

৬০ খন গাড়ীৰ কনভয়ঃ দিল্লীত কেনেকৈ দিয়া হ'ব বাইডেনৰ সুৰক্ষা, থকাৰ নামত ব্যয় কিমান, জানক...
ভূপেন হাজৰিকা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in