পুনৰ ওলাইছে চাকৰি! প্ৰধানমন্ত্ৰী মোডীয়ে বিতৰণ কৰিব নিযুক্তি পত্ৰ

দ্বাদশবাৰলৈ অনুষ্ঠিত হ'ব নিযুক্তি মেলা। ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব এই নিযুক্তি মেলা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে নিযুক্তি পত্ৰ বিতৰণ কৰিব।

author-image
Asomiya Pratidin
New Update
ৰাইজৰ প্ৰতি প্ৰধানমন্ত্ৰী মোডীৰ বিশেষ আহ্বান...

ডিজিটেল ডেস্কঃ দ্বাদশবাৰলৈ ১২ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব নিযুক্তি মেলা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিতৰণ কৰিব নিযুক্তি পত্ৰ। জানিব পৰা মতে দেশৰ ৪৬ টা স্থানত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত এই নিযুক্তি দিয়া হব।

Advertisment

 জানিব পৰা মতে ৰেল মন্ত্ৰালয়,ডাক বিভাগ, গৃহ মন্ত্ৰালয়, ৰাজহ বিভাগ, উচ্চ শিক্ষা বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যানৰ মন্ত্ৰালয়ৰ লগতে বিভিন্ন বিভাগত এই নিযুক্তি দিয়া হ'ব। ১২ ফেব্ৰুৱাৰীত অন্তিম নিযুক্তি মেলা অনুষ্ঠিত হ'ব।

২০২২ চনৰ ২২ অক্টোবৰত ধনতেৰাছত নিযুক্তি মেলা আৰম্ভ হৈছিল। প্ৰধানমন্ত্ৰী মোডীয়ে যোৱা বছৰ ডিচেম্বৰৰ ভিতৰত ১০ লাখ চাকৰি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা নিযুক্তি মেলালৈকে চৰকাৰে প্ৰায় ৭ লাখ লোকক নিযুক্তি পত্ৰ দিছিল।

Also Read: বিজেপি নেতাৰ হত্যাকাণ্ডঃ ১৫ অপৰাধীক মৃত্যুদণ্ড আদালতৰ

job narendra modi