বিজেপি নেতাৰ হত্যাকাণ্ডঃ ১৫ অপৰাধীক মৃত্যুদণ্ড আদালতৰ

বিজেপি নেতাৰ হত্যাকাণ্ডঃ ১৫ অপৰাধীক মৃত্যুদণ্ড আদালতৰ

ডিজিটেল ডেস্কঃ বিজেপি নেতা হত্যাৰ গোচৰ সন্দৰ্ভত শাস্তি ঘোষণা কেৰলৰ এখন আদালতৰ। ২০২১ চনৰ ডিচেম্বৰত আলাপুঝাত বিজেপিৰ অ'বিচি শাখাৰ নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাৰ সন্দৰ্ভত নিষিদ্ধ ইছলামবাদী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া (পিএফআই)ৰ সৈতে জড়িত ১৫ জন লোকক মঙলবাৰে কেৰালাৰ এখন আদালতে মৃত্যুদণ্ড প্ৰদান কৰে।

শাস্তিত ৰায়দান কৰে মাবেলিক্কাৰাৰ অতিৰিক্ত জিলা ন্যায়াধীশ বিজি শ্ৰীদেৱীয়ে। অভিযুক্তপক্ষই দোষীসকলৰ বাবে সৰ্বাধিক শাস্তি বিচাৰি কৈছিল যে এইসকললোকে ভুক্তভোগীগৰাকীক তেওঁৰ মাতৃ, সন্তান আৰু পত্নীৰ সন্মুখত যি নিষ্ঠুৰভাৱে হত্যা কৰিছিল সেয়া বিৰল শ্ৰেণীৰ ভিতৰত পৰে।

উল্লেখ্য যে, বিজেপিৰ অ'বিচি মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জিত শ্ৰীনিবাসনক পিএফআই আৰু ছ'চিয়েল ডেমক্ৰেটিক পাৰ্টি অৱ ইণ্ডিয়াৰ (এছডিপিআই) কৰ্মীসকলে তেওঁৰ পৰিয়ালৰ সন্মুখত ১৯ ডিচেম্বৰ, ২০২১ তাৰিখে নিৰ্মমভাৱে হত্যা কৰিছিল।

জানিব পৰা মতে ঘটনাৰ সময়ত ৮ জন লোক প্ৰত্যক্ষভাৱে জড়িত আছিল আৰু বাকী সমূহে এই সমগ্ৰ হত্যাকাণ্ডত সহায় কৰিছিল।

বিজেপি নেতাৰ হত্যাকাণ্ডঃ ১৫ অপৰাধীক মৃত্যুদণ্ড আদালতৰ
প্ৰচুৰ সম্ভাৱণাময় ৰেচম শিল্পৰ নামত চলি আছে ল'ৰা ধেমালি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in