ভাবী স্বামীৰ সন্মুখতে যুৱতীক দলবদ্ধ ধৰ্ষণ...

দেশত তীব্ৰগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে পুনৰ এক দলব্ধ ধৰ্ষণৰ খবৰ পোহৰলৈ আহিছে।

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত যুৱতীৰ মৃতদেহ উদ্ধাৰঃ ধৰ্ষণৰ সন্দেহ...

ডিজিটেল ডেস্কঃ দেশত তীব্ৰগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা। ইয়াৰ মাজতে পুনৰ এক দলব্ধ ধৰ্ষণৰ খবৰ পোহৰলৈ আহিছে। ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাত সংঘটিত হৈছে এই জঘন্য ঘটনা।

এগৰাকী যুৱতী তেওঁৰ ভাবী স্বামীৰ সৈতে বাহিৰলৈ ফুৰিব যোৱাৰ সময়ত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয়। শুকুৰবাৰে আৰক্ষীয়ে জনাইছে এই কথা। ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া মুফাচিল আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাৰিজল গাঁৱৰ ওচৰত এই ঘটনা সংঘটিত হৈছে।

আৰক্ষীয়ে জনাই যে যুৱতীগৰাকীক ৫জন যুৱকে দলবদ্ধ ধৰ্ষণ কৰে আৰু তেওঁৰ পৰা মোবাইল কাঢ়ি লৈ যায়। তেওঁৰ ভাবী স্বামী ঘটনাস্থলীৰ পৰা পলায়ন কৰি পাছত আৰক্ষীক খবৰ দিয়ে। তাৰপাছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰে।

আৰক্ষীয়ে যুৱতীগৰাকীৰ এজাহাৰৰ ওপৰত ভিত্তিত ৫ জন যুৱকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Also Read: কনক্লেভ-২০২৩ঃ মোডীৰ নেতৃত্বত উত্তৰ-পূৱৰ সৰ্বক্ষেত্ৰত হৈছে বিকাশ...

crime