দোকানত জুই লাগি একেটা পৰিয়ালৰে প্ৰাণ গ'ল ৩ জনৰ...

দোকানত জুই লাগি একেটা পৰিয়ালৰে প্ৰাণ গ'ল ৩ জনৰ...

ডিজিটেল ডেস্কঃ এখন দোকানত জুই লগাৰ ফলত একেটা পৰিয়ালৰে ৩ জনলোকে প্ৰাণ হেৰুয়ায়। সোমবাৰে নিশা ঝাৰখণ্ডৰ ধানবাদৰ কেন্দুৱা বজাৰত সংঘটিত হৈছে এই ঘটনা।

জানিব পৰা মতে প্ৰথমে এথন দোকানত জুই লাগে। কিন্তু জুই দ্ৰুতগতিত বিয়পি উপৰ মহলা পায়। যাৰ ফলত এটা পৰিয়ালৰ ৩ জন লোকৰ মৃৃত্যু হোৱাৰ লগতে আহত হয় প্ৰায় ৬জন।

আহতসকলক চিকিৎসাৰ বাবে ধানবাদৰ শ্বহীদ নিৰ্মল মাহতো চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়।

এই অগ্নিকাণ্ডত দোকানখনৰ মালিক সুভাষ গুপ্তাৰ ২৩ বছৰীয়া ভগ্নী প্ৰিয়ংকা গুপ্তা, ৭০ বছৰীয়া মাতৃ উমা দেৱী আৰু ৫ বছৰীয়া কন্যা মৌলী গুপ্তাৰ মৃত্যু হয়। আনহাতে সুভাষ গুপ্তা, তেওঁৰ পত্নী, দুবছৰীয়া পুত্ৰ আৰু বৃদ্ধ পিতৃকে ধৰি পৰিয়ালৰ আন সদস্যসকল আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।

দোকানত জুই লাগি একেটা পৰিয়ালৰে প্ৰাণ গ'ল ৩ জনৰ...
উৎসৱৰ মাজত দিল্লীত বিক্ৰী ৫২৫ কোটি টকাৰ সুৰা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in