উৎসৱৰ মাজত দিল্লীত বিক্ৰী ৫২৫ কোটি টকাৰ সুৰা

উৎসৱৰ মাজত দিল্লীত বিক্ৰী ৫২৫ কোটি টকাৰ সুৰা

ডিজিটেল ডেস্কঃ দিপাৱলীৰ সময়ত ৰাজধানী দিল্লীত সুৰা বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰে। শুকুৰবাৰৰ পৰা দেওবাৰৰ ভিতৰত দিল্লীত দেপাৱলী উৎসৱৰ সময়ত প্ৰায় ১২১ কোটি টকাৰ প্ৰায় ৬৪ লাখ সুৰাৰ বটল ক্ৰয় কৰিছে গ্ৰাহকে। চৰকাৰী সূত্ৰই জনাই এই কথা।

তথ্য অনুসৰি দিপাৱলীৰ এসপ্তাহ আগতে ১ কোটিতকৈও অধিক সুৰাৰ বটল বিক্ৰী হৈছে। ইয়াৰ ফলত ২৩৪.১৫ কোটি টকা উপাৰ্জন কৰিছে দিল্লীয়ে। আবকাৰী বিভাগৰ বিশিষ্ট বিষয়াই জনাই যে, দিল্লীত হোলী আৰু দিপাৱলীৰ সময়ত সুৰাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি হয়। কিয়নো ব্যক্তিগত কাৰণৰ উপৰি উপহাৰ দিবলৈও ব্যৱহাৰ কৰা হয়।

তথ্য অনুসৰি দিপাৱলীৰ পূৰ্বে ১৭ টা দিনক ৩ কোটিতকৈ অধিক সুৰাৰ বটল বিক্ৰী হয় দিল্লীত। যাৰ সহায়ত ৫২৫.৮৪ কোটি টকা ৰাজহ আদায় কৰিছে দিল্লী চৰকাৰে। লগতে কয় যে দিপাৱলীৰ সময়ত সুৰা বিক্ৰী যথেষ্ঠ বৃদ্ধি পায়। বৃহস্পতিবাৰ, শুক্ৰবাৰ আৰু শনিবাৰে দোকানক ক্ৰমে- ১৭.৩৩ লাখ, ১৮.৮৯ লাখ আৰু ২৭.৮৯ লাখ বটল বিক্ৰী হয়। উল্লেখ্য যে, দিপাৱলীৰ সময়ত দিল্লীত সুৰাৰ দোকান বন্ধ আছিল।

উৎসৱৰ মাজত দিল্লীত বিক্ৰী ৫২৫ কোটি টকাৰ সুৰা
ভাৰত VS নিউজিলেণ্ডঃ ২,৫০০ ৰ টিকট ৪০,০০০ টকাত বিক্ৰী, গ্ৰেপ্তাৰ এজন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in