/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/7211e7e4-1991-4198-8da0-4cb6df48ddaa/AP_FOR_WEB_soren_.jpg)
ডিজিটেল ডেস্কঃ ইডিয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত মুখ খুলিছে ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে। তেওঁক গ্ৰেপ্তাৰ কৰাৰ পৰিকল্পনা ২০২২ চনৰ পৰাই চলি আছিল বুলি অভিযোগ উত্থাপন কৰে। উল্লেখ্য যে, সোমবাৰে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব লাগিব ঝাৰখণ্ডৰ নতুন মুুখ্যমন্ত্ৰী চম্পাই চোৰেনে। নতুন মুখ্যমন্ত্ৰীক সমৰ্থন জনাবলৈ বিধানসভাত উপস্থিত হৈ হেমন্ত চোৰেনে এই মন্তব্য কৰে।
তেওঁ কয় যে, গ্ৰেপ্তাৰৰ এই পৰিকল্পিত ষড়যন্ত্ৰত ৰাজভৱনো জড়িত আছিল। মই নাকান্দো, বঞ্চিতসকলৰ চকুপানীৰ কোনো মূল্য নাই। আমি কেতিয়াও মূৰ দোৱাই খোজ কাঢ়িবলৈ শিকা নাই। আদিবাসী, দলিত, অ'বিচি, সংখ্যালঘুসকলক অত্যাচাৰ কৰা হৈছে। আমাৰ দৰে মানুহ দেশত সুৰক্ষিত নহয়।
তেওঁ লগতে কয়, শাসকীয় পক্ষই আমাক অস্পৃশ্য বুলি গণ্য কৰে। তেওঁলোকৰ পাৰিলে আমাক পুনৰ অৰণ্যত থৈ আহিব। তেওঁলোকে ভাবে যে মোক কাৰাগাৰত ৰাখি পৰিকল্পনাত সফল হ'ব। যদি তেওঁলোকে মোক দোষী প্ৰমাণিত কৰিব পাৰে তেন্তে মই ৰাজনীতি ত্যাগ কৰিম। তেওঁলোকে জনজাতীয় আৰু দলিতসকলক ঘৃণা কৰে। আমি কেতিয়াও ক্ষমতাৰ লোভত ইয়ালৈ অহা নাই, আমি জনজাতীয় লোকসকলৰ সন্মানৰ বাবে যুঁজি আছো, যুঁজি থাকিম।
যদি সাহস আছে, তেন্তে সদনত কাগজ-পত্ৰ দেখুৱাওক যে এই ৮.৫ একৰ ভূমি হেমন্ত সোৰেনৰ নামত আছে, যদি এনে হয়, তেন্তে মই সেইদিনা ৰাজনীতিৰ পৰা পদত্যাগ কৰিম বুলি সতৰ্কবাণী দিয়ে চোৰেনে।
উল্লেখ্য যে, ভূমি কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল হেমন্ত চোৰেনক। তাৰ পূৰ্বে তেওঁ পদত্যাগ কৰিছিল মুখ্যমন্ত্ৰী পদৰ পৰা। তাৰ কিছুসময় পাছতেই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হিচাপে শপত লৈছিল চম্পাই চোৰেনে। যদিহে আজিৰ দিনটোত চম্পাই চোৰেনে সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হয় তেন্তে তেওঁৱেই হৈ থাকিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী।
Also Read: ভাৰত বিৰোধী স্থিতিঃ মে' মাহৰ ভিতৰত ভাৰতীয় সেনাই ত্য়াগ কৰিব লাগিব মালদ্বীপ